নেশ্বনেল ডেস্ক, 21 আগষ্ট : কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবাক বুধবাৰে পৰৱৰ্তী কেবিনেট সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷ উল্লেখ্য যে, দুবছৰৰ বাবে নিযুক্তি প্ৰদান কৰা এই পদবীটো হৈছে দেশৰ শীৰ্ষ আমোলাতান্ত্ৰিক পদবী ৷
গৃহ সচিব ৰাজীৱ গৌবাক পৰৱৰ্তী কেবিনেট সচিব নিযুক্ত - গৃহ সচিব ৰাজীৱ গৌবাক পৰৱৰ্তী কেবিনেট সচিব নিযুক্ত
পৰৱৰ্তী কেবিনেট সচিব হিচাপে নিযুক্ত কৰা হৈছে কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবাক ৷ 30 আগষ্টৰ পৰা নতুন পদবীত অধিস্থিত হ'ব তেওঁ ৷
![গৃহ সচিব ৰাজীৱ গৌবাক পৰৱৰ্তী কেবিনেট সচিব নিযুক্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4204354-thumbnail-3x2-ra-2.jpg)
গৃহ সচিব ৰাজীৱ গৌবাক পৰৱৰ্তী কেবিনেট সচিব নিযুক্ত
কেবিনেটৰ নিযুক্তি প্ৰদানকাৰী কমিটিয়ে আগষ্টৰ 30 তাৰিখৰ পৰা গৌবাক পদবীত অধিস্থিত হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷
উল্লেখ্য যে, গৌবা হৈছে 1982 চনৰ ঝাৰখণ্ড কেডাৰৰ প্ৰশাসনিক বিষয়া ৷ কেবিনেট সচিবালয়ত এজন বিশেষ সচিব হিচাপে কৰ্মৰত আছিল তেওঁ ৷ গৌবাই এই নতুন পদ গ্ৰহণ কৰিব পি. কে. সিনহাৰ পৰা ৷
TAGGED:
ETV BHARAT ASSAM