দিল্লী,7 আগষ্ট: বুধবাৰে অনুষ্ঠিত হোৱা এই বৈঠকত ভাৰত-বাংলাদেশ প্ৰতিনিধি দলৰ সৈতে দেশৰ পূব সীমান্তত ক্ৰমে বৰ্ধিত হোৱা মৌলবাদী কৰ্মকাণ্ডৰ বিষয়টো উত্থাপন কৰা হ'ব ৷ জানিব পৰা মতে,গৃহমন্ত্ৰী অমিত শ্বাহে এই বৈঠকত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূণ্য সহনশীল মনোভাৱৰ ওপৰত জোৰ দিয়া হ'ব ৷ বাংলাদেশৰ গৃহমন্ত্ৰী আচ্ছাদুজামান খানৰ নেতৃত্বত অহা 16 জনীয়া উচ্চস্তৰীয় বাংলাদেশৰ প্ৰতিনিধি দলটোৱে অমিত শ্বাহ আৰু তেওঁৰ গৃহ মন্ত্ৰণালয়ৰ প্ৰতিনিধিসকলৰ সৈতে এই সন্দৰ্ভত দেশখনৰ হিতৰ ওপৰতো আলোকপাত কৰিব ৷ এই বৈঠকত উপস্থিত থাকে বিদেশ মন্ত্ৰণালয়,অনুসন্ধানকাৰী সংস্থা আৰু সীমান্ত সুৰক্ষা বলৰ শীৰ্ষ বিষয়াসকল ৷ জানিব পৰা মতে এই বৈঠকত অন্যতম বিষয় হৈছে দুয়োখন দেশৰ সীমান্তৰ সন্ত্ৰাসবাদ সমাপ্ত কৰাৰ ওপৰত জোৰ দিয়া ৷
ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত সন্ত্ৰাসবাদ বিৰোধী প্ৰথমলানি বৈঠক - ভাৰত-বাংলাদেশ
সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজৰ যুদ্ধ আৰু মজবুত কৰাৰ উদ্দেশ্যে বুধবাৰে ভাৰত আৰু বাংলাদেশৰ মাজত নৰ্থ ব্লকৰ 7ম গৃহ মন্ত্ৰণালয়ত এক বৈঠক অনুষ্ঠিত হয়৷
ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত সন্ত্ৰাসবাদ বিৰোধী প্ৰথম লানি বৈঠক
এইখন হৈছে নৰেন্দ্ৰ মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত অমিত শ্বাহ আৰু আচ্ছাদুজামান খানৰ মাজৰ প্ৰথমখন বৈঠক ৷ জানিব পৰা মতে,দুয়ো পক্ষই এই বৈঠকৰ অন্তত এক যৌথ বিবৃতি প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ৷