অসম

assam

ETV Bharat / bharat

কোভিড-১৯ সন্দৰ্ভত পশ্চিমবংগ চৰকাৰলৈ পত্ৰ প্ৰেৰণ গৃহমন্ত্ৰালয়ৰ

কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই পশ্চিমবংগ চৰকাৰৰ মুখ্য সচিব ৰাজীৱ সিনহাক দুই পৃষ্ঠাৰ এখন পত্ৰত পশ্চিমবংগত কোভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈ কঠিন নিয়ম আৰোপ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ।

কোভিড-১৯ সন্দৰ্ভত পশ্চিমবংগ চৰকাৰলৈ পত্ৰ প্ৰেৰণ গৃহমন্ত্ৰালয়ৰ
কোভিড-১৯ সন্দৰ্ভত পশ্চিমবংগ চৰকাৰলৈ পত্ৰ প্ৰেৰণ গৃহমন্ত্ৰালয়ৰ

By

Published : May 7, 2020, 9:41 AM IST

নিউজ ডেস্ক, ৭ মে' :কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই পশ্চিমবংগ চৰকাৰৰ মুখ্য সচিব ৰাজীৱ সিনহাক দুইপৃষ্ঠাযোৰা এক পত্ৰ প্ৰেৰণ কৰি ৰাজ্যখনত লকডাউনৰ নিয়মাৱলী কঠোৰভাৱে আৰোপ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে । ৰাজ্যখনৰ নিম্নমানৰ কোভিড-১৯ নিৰীক্ষণ আৰু পৰীক্ষণৰ বাবে সমালোচনা কৰি নীতি নিয়ম সঠিকভাৱে আৰোপ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে ।

কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে পশ্চিমবংগৰ মুখ্য সচিবগৰাকীক ৰাজ্যখনৰ জনসংখ্যাৰ অনুপাতে টেষ্টিং নোহোৱা বিষয়টো উল্লেখ কৰি পত্ৰখন প্ৰেৰণ কৰে । পত্ৰখনৰ দ্বাৰা ৰাজ্যখনৰ কোভিড-১৯ মৃত্যুৰ হাৰ সৰ্বাধিক ১৩.২ শতাংশ হোৱাৰ ওপৰতো অধিক গুৰুত্ব প্ৰদান কৰিবলৈ কোৱা হৈছে ।

বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আন্তঃমন্ত্ৰী কেন্দ্ৰীয় দল (inter-ministerial central team, IMCT)ৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এই পত্ৰখন প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । ১৫ দিন পশ্চিমবংগত থাকি বিগত সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ক এই প্ৰতিবেদনখন অৰ্পন কৰে দলটোৱে । ৰাজ্যখনৰ লকডাউনৰ নিয়মাৱলী কঠোৰভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ সিনহাক নিৰ্দেশনা দিয়ে ভাল্লাই ।

ৰাজ্যখনৰ কলকাতা আৰু হাওৰাৰ বিশেষ স্থানত কেন্দ্ৰীয় প্ৰতিনিধি দলে লকডাউন উলংঘণ পৰিলক্ষিত কৰিছে আৰু কিছুমান স্থানত কোভিড-১৯ৰ ওপৰত কাম কৰি থকা স্বাস্থ্যকৰ্মী তথা সুৰক্ষা কৰ্মীৰ ওপৰত আক্ৰমণ সংঘটিত হোৱা কথাটো উল্লেখ কৰা হৈছে পত্ৰখনত । ৰাজ্যখনত ভিৰ নিয়ন্ত্ৰণৰ চূড়ান্ত ব্যৰ্থ হৈছে জিলা প্ৰশাসন । কোভিড-১৯ নিৰীক্ষণ আৰু সংস্পৰ্শলৈ অহা ব্যক্তিৰ গতি-বিধি নিৰ্ধাৰণক বহু পৰিমানে অৱজ্ঞা কৰা হৈছে পশ্চিমবংগত । ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদৰ তত্বাৱধানত প্ৰদান কৰা ব্যক্তিগত সুৰক্ষা সামগ্ৰী আৰু N95 মাস্কৰ ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে । কেন্দ্ৰীয় দলে প্ৰদান কৰা প্ৰতিবেদনখনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি পৰৱৰ্তী নীতি নিৰ্ধাৰণ কৰিবলৈ কোৱা হৈছে পশ্চিমবংগ চৰকাৰক ।

লগতে পঢ়কঃআনন্দত আত্মহাৰা হৈ নৃত্য কৰিলে সুৰাপায়ীয়ে

ABOUT THE AUTHOR

...view details