নিউজ ডেস্ক, 11 এপ্ৰিলঃ নয়ডাৰ গৌতম বুদ্ধ নগৰৰ পৰা বহুসংখ্যক বয়স্ক ব্যক্তিয়ে অত্যাৱশ্যকীয় সামগ্ৰী লাভ নকৰাৰ অভিযোগ দাখিল কৰাৰ পিচতেই জিলা দণ্ডাধীশ সুহাশ এল. ৱাইয়ে অঞ্চলটোত অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা সাময়িকভাৱে প্ৰত্যাহাৰ কৰে ৷ অঞ্চলটোত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি ছীল কৰি দিয়া হৈছিল ৷ যাৰ ফলত সাধাৰণ জনতাই বহুক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল ৷ অৱশেষত জিলা দণ্ডাধীশে এইদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰীৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে ৷
নয়দাত অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰীত অনুমতি - কোভিড-19 মহামাৰী
গৌতম বুদ্ধ নগৰ জিলা দণ্ডাধীশ সুহাশ এল. ৱাইয়ে ইয়াৰ অন্তৰ্গত বন্ধ হৈ থকা অঞ্চলসমূহত অত্যাৱশ্যকীয় সামগ্ৰী ঘৰে ঘৰে গৈ যোগান ধৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷
নয়দাত অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰীত অনুমতি
টুইটযোগে এই কথা প্ৰকাশ কৰে জিলা দণ্ডাধীশগৰাকীয়ে ৷ জিলা প্ৰশাসনে অঞ্চলটোৰ 13 টা স্পৰ্শকাতৰ অঞ্চল বন্ধ কৰি ৰাখিছিল ৷ উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে 15খন জিলা সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে ৷ ইয়াৰ ভিতৰত গৌতম বুদ্ধ নগৰত শুকুৰবাৰলৈ 64গৰাকী ব্যক্তি কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ ইয়াৰ ভিতৰত 12 গৰাকীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷