অসম

assam

ETV Bharat / bharat

ভাৰতে অব্যাহত ৰাখিব মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ আখ্যা প্ৰদানৰ প্ৰচেষ্টা

ভাৰতৰ সমৰ্থনত আছে ৰাষ্ট্ৰসংঘৰ অধিকাংশ সদস্য ৰাষ্ট্ৰ

etv bharat

By

Published : Mar 16, 2019, 1:53 PM IST

নিউজ ডেস্ক, 16 মাৰ্চ : চীনৰ প্ৰতাৰণাত হাৰ নামানে ভাৰতে৷ ৰাষ্ট্ৰসংঘৰ মজিয়াত মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ আখ্যা প্ৰদানত চীনে বিধি-পথালি দিলেও মাছুদক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ আখ্যা প্ৰদানৰ বাবে উঠি-বহি লাগিছে ভাৰত৷

ৰঙা চীনৰ কাণ্ডত অসন্তোষ প্ৰকাশ কৰি বিশ্ব গোটৰ সমূখত মাছুদক নিষিদ্ধকৰণ তথা আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ স্বীকৃতি দিবলৈ পুনৰ প্ৰস্তাৱ উত্থাপন কৰিব ভাৰতে৷ ভাৰতৰ সপক্ষত ইতিমধ্যেই আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধিকাংশ সদস্য ৰাষ্ট্ৰ৷ নিজৰ কৰণীয়ৰ বাবে অতি শীঘ্ৰে জইছ-ই-মহম্মদৰ মাষ্টাৰমাইণ্ড মাছুদে শাস্তি ভোগ কৰিব বুলিও আশাবাদী ভাৰত৷

পুলৱামা কাণ্ডৰ পাচতেই মাৰ্কিন যুক্তৰাষ্ট্ৰ, ফ্ৰান্স আৰু ইংলেণ্ডে (P-৩ ৰাষ্ট্ৰ) ৰাষ্ট্ৰসভাৰ নিৰাপত্তা পৰিষদত দাখিল কৰিছিল জইছ-ই-মহম্মদৰ মাষ্টাৰমাইণ্ড মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ বাবে প্ৰস্তাৱ৷ এই প্ৰস্তাৱক সমৰ্থন জনাইছিল নিৰাপত্তা পৰিষদৰ অধিকাংশ সদস্য ৰাষ্ট্ৰই৷ কিন্তু বুধবাৰে ৰাষ্ট্ৰসংঘৰ মজিয়াত P-৩ ৰাষ্ট্ৰসমূহৰ প্ৰস্তাৱক গৃহীত হোৱাত বাধা দিয়ে চীনে৷

ইয়াৰ পূৰ্বেও 2009 চনত ভাৰতে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত দাখিল কৰিছিল প্ৰস্তাৱ । 2016 চনত ভাৰতে P-৩ দেশসমূহৰ সৈতে লগ লাগি মাছুদ আজহাৰৰ বিৰুদ্ধে দাখিল কৰিছিল আবেদন । 2017 চনত ৰাষ্ট্ৰসংঘত মজিয়াত আজহাৰৰ বিৰুদ্ধে পুনৰবাৰ ভাৰতে ৰাষ্ট্ৰসংঘৰ মজিয়াত দাখিল কৰিছিল আবেদন । কিন্তু প্ৰত্যেকবাৰেই মাছুদ আজহাৰক সমৰ্থন কৰি আহিছে চীনে৷ চীনৰ এই কাণ্ডত অসন্তুষ্টি প্ৰকাশ কৰিছে P-৩ দেশসমূহৰ লগতে খোদ ভাৰত তথা ভাৰতৰ সমৰ্থনত থকা 10 খন ৰাষ্ট্ৰই৷

ABOUT THE AUTHOR

...view details