নিউজ ডেস্ক, ৩ জুলাইঃবৃহস্পতিবাৰে বিহাৰত বজ্ৰপাত পৰি ২৬ গৰাকী লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে । লগতে মৃতকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে গৃহ মন্ত্ৰী গৰাকীয়ে ।
মন্ত্ৰী গৰাকীয়ে টুইটযোগে মত ব্যক্ত কৰে যে, বিহাৰত বজ্ৰপাত পৰি কেইবাগৰাকীও মৃত্যু হোৱা ঘটনাৰ বাবে দুখিত । ৰাজ্য প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগ ঘটনাত ক্ষতিগ্ৰস্থ হোৱা লোকসকৰ সাহাৰ্যৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । ঘটনা বাবে মই শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়ালৈ সমবেদনা জনালো । লগতে আঘাটপ্ৰান্ত সকলক সোনকালে সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা কৰিলো ।