জম্মু-কাশ্মীৰ, ৭ মাৰ্চ: জম্মু-কাশ্মীৰৰ বাছ আস্থানত পুৱা প্ৰায় ১১ বাজি ৫৮ মিনিটত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণ কাণ্ডৰ সন্দৰ্ভত জম্মু-কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক এম কে সিংহাৰ মন্তব্য, হিজবুল মোজাহিদীনৰ দ্বাৰা সংঘটিত কৰা হৈছিল এই বিস্ফোৰণ কাণ্ড । আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই বিস্ফোৰণত এজন নিহত হোৱাৰ লগতে ৩৩ গৰাকীকৈ লোক আহত হয় । আহতসকলক শীঘ্ৰেই স্থানীয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ।
জম্মু-কাশ্মীৰৰ বাছ আস্থানত গ্ৰেণেড বিস্ফোৰণত জড়িত হিজবুল মুজাহিদীন - jammu and kashmir
এজন নিহত হোৱাৰ লগতে আহত ৩২ গৰাকী লোক
etv bharat, etv bharat assam
বিষয়াগৰাকীয়ে লগতে প্ৰকাশ কৰে যে, কোলগামৰ হিজবুল মুজাহিদীনৰ জিলা কামাণ্ডাৰে এই বিস্ফোৰণ সংঘটিত কৰিবৰ বাবে আদেশ দিছিল । সিংহাই কয় যে, ইতিমধ্যে এই বিস্ফোৰণৰ লগত জড়িত এগৰাকীক ঘটনা সংঘটিত হোৱাৰ এঘণ্টাৰ পাচতেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । যাচিৰ ভট্ট বুলি আটকাধীন লোকজনে সংঘটিত অপৰাধটোৰ লগত জড়িত বুলিও আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছে ।