অসম

assam

ইতিহাসত আজিৰ দিনটো

By

Published : Nov 2, 2019, 5:38 PM IST

চাওঁ আহক বিশ্ব ইতিহাসত আজিৰ দিনটো (2 নৱেম্বৰ)ৰ তাৎপৰ্য-

history in today's date

  • দ্বিতীয় আৰৱ-ইজৰাইলী যুদ্ধত 1956 চনৰ আজিৰ দিনটোতে ইজৰাইলে গাজা অধিগ্ৰহণ কৰে ৷ এই যুদ্ধক চুৱেজ সংকট হিচাপেও জনা যায় ৷
  • 1962 চনৰ পাচত প্ৰথমবাৰৰ বাবে 1984 চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰত মহিলাক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হয় ৷ ধাৰাবাহিক হত্যাকাণ্ডৰ জড়িত আছিল Velma Barfield নামৰ মহিলাগৰাকী ৷ এটা হত্যাকাণ্ডৰ লগত জড়িত থকা অপৰাধত Velma Barfieldক আৰক্ষীয়ে আটক কৰে আৰু তেনেকুৱা আন 6 টা হত্যাকাণ্ড সংঘটিত কৰাৰ স্বীকাৰোক্তি দিয়ে ৷ আনহাতে, lethal injection ৰ প্ৰয়োগ কৰি মৃত্যুদণ্ড দিয়া প্ৰথমগৰাকী মহিলাও আছিল Velma Barfield ৷
    ইতিহাসত আজিৰ দিনটো
  • 1988 চনৰ আজিৰ দিনটোতে মৰিচ ৱ’ৰ্মৰ সৃষ্টি হৈছিল ৷ মৰিছ ৱাৰ্মক একপ্ৰকাৰৰ ইন্টাৰনেট ভাইৰাছৰ আৰ্হিতে নিৰ্মাণ কৰা হয়, কিন্তু ই মানৱ ক্ৰিয়া অবিহনেই এটা কম্পিউটাৰ পৰা আন এটা কম্পিটাৰলৈ সম্প্ৰসাৰণ কৰিব পাৰে ৷
  • 1999 চনৰ আজিৰ দিনটোতে Hawaiiৰ ইতিহাসত সংঘটিত হৈছিল সকলোতকৈ শিহৰণকাৰী হত্যাকাণ্ড জেৰক্স হত্যাকাণ্ড ৷ এগৰাকী ব্যক্তিৰ মানসিক অৱস্থাই কেনেধৰণৰ বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে এই ঘটনাই ইয়াৰ উদাহৰণ ৷ Bryan Koji Uyesugi নামৰ এগৰাকী ব্যক্তি যি Honoluluৰ Xerox কোম্পানীত কাম কৰে ৷ মানসিক বিকাৰগ্ৰস্ত ব্যক্তিগৰাকীয়ে নিজৰ অফিচতে মুকলিকৈ গুলীয়াই কৰি হত্যা কৰিছিল তেওঁৰ অফিচ পৰিদৰ্শকৰ সহিতে আঠ গৰাকীকৈ সহকৰ্মীক ৷
  • 1966 চনৰ আজিৰ দিনটোতে কাৰ্যকৰী হৈছিল Cuban Adjustment Act ৷ যাৰ জৰিয়তে প্ৰায় 1 লাখ 23 হাজাৰ কিউবান লোকক আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰাৰ অনুমতি প্ৰদান কৰিছিল ৷
  • 1936 চনৰ আজিৰ দিনটোতে British Broadcasting Corporation য়ে BBC দূৰদৰ্শন সেৱা আৰম্ভ কৰে ৷ আৰু BBC হৈ পৰিছিল বিশ্বৰ প্ৰথমটো নিয়মীয়া high-definition টেলিভিচন সেৱা ৷ 1968 চনত ইয়াক নতুনকৈ BBC1 হিচাপে নামকৰণ কৰা হয় ৷
  • আজি ভিয়েটনামৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ন দিন দেমৰ মৃত্যুবাৰ্ষিকী ৷ 1963 চনত মৃত্যু বৰণ কৰিছিল ভিয়েটনামৰ ৰাজনীতিবিদ গৰাকীয়ে ৷
  • আনহাতে 2012 চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ভাৰতীয় মূলৰ আমেৰিকাৰ গণিতজ্ঞ আৰু শিক্ষাবিদ শ্ৰীৰাম শংকৰ অভ্যংকৰে ৷

ABOUT THE AUTHOR

...view details