অসম

assam

ইতিহাসত আজিৰ দিনটো

By

Published : Oct 25, 2019, 5:36 PM IST

চাওঁ আহক বিশ্ব ইতিহাসত সংঘটিত আজিৰ দিনটো (25 অক্টোবৰ)ৰকেইটামান বিশেষ ঘটনাৰ বিষয়ে-

history in today's date

  • ইটালীৰ পদাৰ্থবিদ ইভানজেলিষ্টা টৰিচেলিৰ মৃত্যু হয় ১৬৪৭ খ্ৰীষ্টাব্দৰ 25 অক্টোবৰত ৷
  • ১৮৮১ খ্ৰীষ্টাব্দৰ এই দিনটোতে প্ৰসিদ্ধ চিত্ৰশিল্পী পাবলো পিকাছ'ৰ জন্ম হয় । অসাধাৰণ প্ৰতিভাৰে সমগ্ৰ বিশ্ববাসীৰ আগত চিৰ পৰিচিত হৈ পৰিছিল চিত্ৰশিল্পী গৰাকী ৷
  • প্ৰথমগৰাকী আফ্ৰিকান আমেৰিকান জেনেৰেল হিচাপে 1940 চনত যু্ক্তৰাষ্ট্ৰত নিযুক্ত হৈছিল বেঞ্জামিন অ’ডেভিছ ৷
  • ১৯৪৭ চনৰ এই দিনটোতে পাকিস্তানী অনুপ্ৰৱেশকাৰীয়ে কাশ্মীৰ আক্ৰমণ কৰে। এই ঐতিহাসিক দিনটোতে তদানীন্তত কাশ্মীৰৰ মহাৰজা হৰি সিঙে সহায় বিচাৰিছিল ভাৰতৰ ৷
  • ১৯৫১ চনৰ এই দিনটোতে স্বাধীন ভাৰতৰ প্ৰথমটো লোকসভা নিৰ্বাচন আৰম্ভ হয়। নিৰ্বাচন প্ৰক্ৰিয়াৰ সামৰণি পৰে ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত ।
  • ১৯৭১ চনৰ এই দিনটোতে ৰাষ্ট্ৰসংঘৰ সদস্যৰূপে অন্তৰ্ভুক্ত হয় চীন ৷ আনহাতে,চীনৰ অন্তৰ্ভুক্তিৰ পাচতে বহিষ্কৃত হয় টাইৱান ৷
  • ১৯৭১ চনৰ এই দিনটোতে বাংলাদেশৰ নেতা শ্বেখ মজিবুৰ ৰহমান পাকিস্তানী সেনাৰ হাতত বন্দী হয়।
  • ১৯৯১ চনৰ এই দিনটোতে বিবাদমান অযোধ্যাৰ অধিগ্ৰহণ কৰা মাটিত কোনো স্থায়ী নিৰ্মাণ যাতে নহয়,তাৰ ব্যৱস্থা ল'বলৈ উত্তৰ প্ৰদেশ চৰকাৰক এলাহাবাদ উচ্চ ন্যায়লয়ে নিৰ্দেশ দিয়ে ।
  • ২০০৫ চনৰ এই দিনটোতে আলফাই আলোচনাৰ বাবে গঠন কৰি দিয়া পি চি জি আৰু কেন্দ্ৰৰ মাজত প্ৰথম লানি আলোচনা অনুষ্ঠিত হয় ।
  • 2009 চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল বাগদাদৰ ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা ৷ বিস্ফোৰণত 155 গৰাকীকৈ ব্যক্তি নিহত হোৱাৰ বিপৰীতে আহত হৈছিল 721 গৰাকীকৈ লোক ৷

ABOUT THE AUTHOR

...view details