অসম

assam

ইতিহাসত আজিৰ দিনটো

By

Published : Oct 7, 2019, 11:34 AM IST

চাওঁ আহক আজিৰ দিনটো (৭ ছেপ্টেম্বৰ) ত বিশ্ব ইতিহাসত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

আজিৰ দিনটো

  • আজি পদ্মশ্ৰী মহেশ্বৰ নেওগৰ জন্মদিন । ১৯১৫ চনৰ আজিৰ দিনটোত শিৱসাগৰত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে । "অন্ত্যজা" কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন সোঁত বোৱাই অনা মহেশ্বৰ নেওগ আছিল একাধাৰে বুৰঞ্জীবিদ, লোক সংস্কৃতিৰ গৱেষক, কবি তথা প্ৰাচ্যবিদ ৷
  • ১৯৫৬ চনৰ আজিৰ দিনটোতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয় ।
  • আজিৰ দিনটোতে ১৯৮৮ চনত মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয় ।
  • ইংলেণ্ডৰ ৰাণী প্ৰথম এলিজাবেথৰ জন্ম হয় ১৫৩৩ চনৰ আজিৰ দিনটোতে।
  • ১৯৪৩ চনৰ আজিৰ দিনটোতে হাউচটনৰ গাল্ফ হোটেলত অগ্নিকাণ্ড সংঘটিত হৈছিল । এই অগ্নিকাণ্ডত কমেও ৫৫ গৰাকী লোকে মৃত্যুক আঁকোৱালি লয় ।
  • ফৰাচী ঔপন্যাসিক, নাট্যকাৰ, অস্তিত্ববাদী দাৰ্শনিক আলবেয়াৰ কেমুৰ জন্ম হয় ১৯১৩ চনৰ আজিৰ দিনটোত ।
  • আজি পাকিস্তানৰ বায়ু সেনা বাহিনী দিৱস ।
  • আজি ব্ৰাজিলৰ স্বাধীনতা দিৱস । ১৮২২ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে পৰ্তুগালৰ পৰা স্বাধীনতা লাভ কৰিছিল দেশখনে ।
  • ১৯০৭ চনৰ আজিৰ দিনটোতে সাহিত্যত প্ৰথম নোবেল বঁটা বিজয়ী ছালী প্ৰুধ্যোমৰ মৃত্যু হয়।
  • ১৯৩১ চনৰ আজিৰ দিনটোতে লণ্ডনত ঘূৰণীয়া মেজমেল আৰম্ভ হয়। এই মেজমেলত যোগদান কৰে মহাত্মা গান্ধীয়ে।

ABOUT THE AUTHOR

...view details