- অসমৰ বৃহত্তম নদীদ্বীপ মাজুলীত নব্বৈৰ দশকত উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, আৰু ১৯৯৭ চনত সমাজকৰ্মী সঞ্জয় ঘোষক অপহৰণ কৰি হত্যা কৰিছিল । এই ঘটনাৰ আধাৰত নিৰ্মাণ কৰা ‘‘এখন নেদেখা নদীৰ সিপাৰে’’ অসমীয়া চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল ২০১২ চনৰ আজিৰ দিনটোতে ৷ ছবিখনৰ পৰিচালক আছিল বিদ্যুৎ কটকী ৷
- ১৮৯৭ চনৰ আজিৰ দিনটোতে প্ৰথমগৰাকী স্বাধীনতা সংগ্ৰামৰ নেতা লোকমান্য বাল গংগাধৰ তিলকক ১৮ মাহৰ বাবে কাৰাদণ্ড বিহা হৈছিল । স্বাধীনতা সংগ্ৰামত তেখেতৰ গুৰুত্বপূৰ্ণ অৰিহনা থকাৰ লগতে এগৰাকী শিক্ষক হিচাপেও নিজৰ দায়িত্ব পালন কৰিছিল লোকমান্য় তিলকে ৷
- ১৯৭১ চনৰ আজিৰ দিনটোতে জনপ্ৰিয় বাংলা লেখক তাৰাশংকৰ বন্দোপাধ্যায়ৰ মৃত্যু হয় । তাৰাশংকৰ বন্দোপাধ্যায়ে 65 খন উপন্যাস, 53 খন সাধু কথা কিতাপ, 12 খন নাটক, 4 খন ৰচনাৱলী, 4 খন আত্মজীৱনী, দুখন ভ্ৰমণগ্ৰন্থৰ লগতে কেইবাটাও গীত ৰচনা কৰিছিল ৷
- ১৯৯৪ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে ।
- ১৯৩৯ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে ।
- চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান ‘লুনা-২’ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংস প্ৰাপ্ত হৈছিল ১৯৫৯ চনৰ আজিৰ দিনটোতে ৷
- ১৯৫৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশ যান লুনা-৩ চন্দ্ৰত অৱতৰণ কৰে ।
- ২০০৪ চনৰ আজিৰ দিনটোতে আৰক্ষী বিষয়া আৰু জনপ্ৰিয় লেখক খবিৰ আহমেদৰ মৃত্যু হয় ।
- ১৩২১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইটালীৰ প্ৰসিদ্ধ কবি ডাণ্টে ( সম্পূৰ্ণ নাম ডাণ্টে আলিঘিয়েৰি ) ৰ মৃত্যু হয় ।
- মাৰ্কিন ৰাষ্ট্ৰপতি উইলিয়াম মেককিনলিৰ মৃত্যু হৈছিল ১৯০১ চনৰ আজিৰ দিনটোতে ৷
- ১৮৪৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ জীৱ বিজ্ঞানী আইভান পেট্ৰোভিচৰ জন্ম হয় । তেখেতে ১৯০৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল ।
- ১৯৯৮ চনৰ আজিৰ দিনটোতে কিৰিবাটি আৰু টোংগা ৰাষ্ট্ৰসংঘৰ সদস্য অন্তৰ্ভুক্ত হয় ।
ইতিহাসত আজিৰ দিনটো - 14 চেপ্তেম্বৰ
চাওঁ আহক বিশ্ব ইতিহাসত আজিৰ দিনটো(14 চেপ্তেম্বৰ)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-
history in today's date
Last Updated : Sep 14, 2019, 7:20 AM IST