অসম

assam

ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - 26 আগষ্ট

চাওঁ আহক বিশ্ব ইতিহাসত আজিৰ দিনটো (২৮ আগষ্ট)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

ইতিহাসত আজিৰ দিনটো

By

Published : Aug 28, 2019, 11:01 AM IST

  • 1709 চনত মনিপুৰ সাম্ৰাজ্যৰ ৰজা হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ‘মেইদিংনো পামহেইবা’ই ৷ তেখেতেই 1724 চনত তেওঁৰ সাম্ৰাজ্যৰ নাম মেইটি ভাষাৰ 'কাংলেইপাক'ৰ পৰা সংস্কৃতৰ 'মনিপুৰ'লৈ সলনি কৰে ৷
  • ১৯০৪ চনৰ আজিৰ দিনটোতে কলকাতা আৰু বেৰেকপুৰৰ মাজত ভাৰতৰ প্ৰথম কাৰ ৰেলী অনুষ্ঠিত হয় ।
  • ১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতৰ সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ কৰা হয় ।
  • ২০০২ চনৰ আজিৰ দিনটোতে অসমৰ ৰাজ্যপাল ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যপাল এ. কে. সিনহাক মনোনীত কৰা হয় ।
  • ২০০২ চনৰ আজিৰ দিনটোতে দেশৰ ভিতৰতে প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কাজিৰঙাত স্থাপন কৰা হয় ।
  • ১৯১১ চনৰ আজিৰ দিনটোতে এলমাৰ এ স্পেৰিৰদ্বাৰা ‘জাইৰ’ কম্পাছ নিৰ্মাণ হয়।
  • 1789 উইলিয়াম হাৰ্চেলয়ে শনি গ্ৰহৰ নতুন উপগ্ৰহ এনচেলেডাচ (Enceladus) ৰ আৱিষ্কাৰ কৰে ৷
  • 'চাইন্টিফিক আমেৰিকান'ৰ প্ৰথমটো সংস্কৰণ প্ৰকাশিত হৈছিল ১৮৪৫ চনৰ ২৮ আগষ্টত । এই বিখ্যাত আলোচনীখনত বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনেও নিজৰ প্ৰৱন্ধ প্ৰকাশ কৰিছিল । আমেৰিকাযুক্তৰাষ্ট্ৰৰ আটাইতকৈ পুৰণি বিজ্ঞান আলোচনী 'চাইন্টিফিক আমেৰিকান' ।
  • ১৮৩৩ চনৰ আজিৰ দিনটোতে আমেৰিকাত দাস প্ৰথা বিলুপ্তি আইন গৃহীত হয় ।
  • জৰ্জীয়ান ছোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকৰ পৰা ছোভিয়েটৰ শাসন হতাবৰ বাবে 'আগষ্ট বিদ্ৰোহ' (August Uprising)ৰ সূচনা হয় ১৯২৪ চনৰ আজিৰ দিনটোত ।
  • জাপানৰ বৃহৎ কোম্পানী টয়টা মটৰছ (Toyota Motors) প্ৰতিষ্ঠা হয় । প্ৰায় ৮১ বছৰ অতিক্ৰম কৰা এই কোম্পানীটোৰ প্ৰতিষ্ঠাপক আছিল কিচিৰ' টয়দা ।
  • ১৯৫৫ চনৰ আজিৰ দিনটোতে গণহত্যাৰ বলি হৈছিল নিগ্ৰো কিশোৰ এম্মেট টিল । এম্মেটৰ মৃত্যুত আমেৰিকা যুক্তৰাষ্ট্ৰত আফ্ৰিকান আমেৰিকানসকলৰ দ্বাৰা নাগৰিক অধিকাৰ আন্দোলন গঢ়ি উঠিছিল আৰু সেয়েহে এম্মেট টিলৰ মৃত্যুৱে ইতিহাসত বিশেষ তাৎপৰ্য বহন কৰি আহিছে ।
  • ১৯৬৪ চনৰ ২৮ আগষ্টতে আৰম্ভ হৈছিল ফিলিপেডীয়া বৰ্ণ সংঘৰ্ষ । ফিলিপাইনত বসবাস কৰা নিগ্ৰোলোকসকলৰ প্ৰতি হোৱা বৰ্ণ বৈষম্যতাৰ বিৰুদ্ধে গঢ় লৈ উঠিছিল এই সংঘৰ্ষ ।
  • ১৯৯০ চনৰ ২৮ আগষ্টত ইৰাকে কোৱেইটক ইয়াৰ নতুন প্ৰদেশ হিচাপে ঘোষণা কৰে । ইৰাকৰ ১৯ তম প্ৰদেশ হিচাপে সংযুক্ত হৈছিল কোৱেইট ।
  • প্ৰথম বিশ্ব যুদ্ধ-
    ১৯১৪ চনৰ ২৮ আগষ্টত বেলজিয়ামৰ নামোৰ চহৰখন জাৰ্মান সেনাৰ অধীনলৈ যায় ।
    ১৯১৬ চনত জাৰ্মানে ৰোমানিয়াৰ বিৰুদ্ধে বিগ্ৰহ ঘোষণা কৰে ।
    ইয়াপ বিপৰীতে সেই একেটা দিনতে অৰ্থাৎ ১৯১৬ চনক ইটালীয়েও জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰে ।

ABOUT THE AUTHOR

...view details