অসম

assam

ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - 24 আগষ্ট

চাওঁ আহক বিশ্ব ইতিহাসত আজিৰ দিনটো(24 আগষ্ট)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

ইতিহাসত আজিৰ দিনটো

By

Published : Aug 24, 2019, 7:33 AM IST

  • ১৮১৯ চনৰ আজিৰ দিনটোতে আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল।
  • ১৯৮৯ চনৰ 24 আগষ্ট তাৰিখেই বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামী ষ্টেন বৰুৱা ওৰফে হৰি বৰুৱাৰ মৃত্যু হৈ্ছিল।
  • ১৯৮৬ চনৰ 24 আগষ্ট তাৰিখে প্ৰসিদ্ধ তামিল চলচিত্ৰ অভিনেতা শান্তনু ভাগ্যৰাজৰ জন্ম হয় ।
  • 1349 চনত প্লেগ মহামাৰীয়ে আতংকৰ সৃষ্টি কৰিছিল জাৰ্মানীৰ মেইজ্ ​অঞ্চলত ৷ বিউব'নিক প্লেগৰ ফলত প্ৰায় 6 হাজাৰ ইহুদী লোকে মৃত্যুক আঁকোৱালি লৈছিল ৷
  • 1608 চনৰ 24 আগষ্টত প্ৰথমগৰাকী ইংৰাজৰ প্ৰতিনিধি ভাৰতত পদাৰ্পণ কৰিছিলহি ৷ ভাৰতবৰ্ষৰ চুৰাট অঞ্চলত আহি প্ৰথমে ভৰি দিছিলহি ইংৰাজে ৷
  • 1815 চনৰ 24 আগষ্টত স্বাক্ষৰিত হৈছিল নেডাৰলেণ্ডৰ আধুনিক সংবিধানখন ৷ সংবিধানখন স্বাক্ষৰ কৰে ৰাষ্ট্ৰখনৰ প্ৰথমগৰাকী প্ৰিন্স উইলিয়ামছে ৷
  • 1857 চনৰ 24 আগষ্টৰ পৰাই আৰম্ভ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত এই মূহুৰ্তলৈকে সংঘটিত আটাইতকৈ দুৰ্বিষহ অৰ্থনৈতিক মন্দাৱস্থা ৷ যাক '1857ৰ ত্ৰাস' বুলিও জনা যায় ৷
  • 1891 চনৰ আজিৰ দিনটোতে Thomas Edison য়ে আৱিষ্কাৰ কৰি উলিয়াইছিল প্ৰথমটো ম'শ্যন পিকচাৰ কেমেৰা ৷
  • 1932 চনৰ আজিৰ দিনটোতে এমেলা আৰহাৰ্ট আটলান্টিক সাগৰেৰে অকলে উৰা মৰা প্ৰথমগাৰকী মহিলা পাইলট হিচাপে পৰিগণিত হয় ৷ তেওঁ এগৰাকী বিখ্যাত লেখিকা হিচাপেও পৰিচিত আছিল ৷ তেওঁৰ প্ৰায়সমূহ কিতাপ বিশেষকৈ উৰণৰ অভিজ্ঞতাৰে লিখা হৈছিল আৰু সকলোৰে মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল ৷
  • শীতল যুদ্ধৰ সময়ত স্বাক্ষৰিত হোৱা North Atlantic Treaty Organization চমুকৈ নাট‘ চুক্তিখন 1949 চনৰ 24 আগষ্টৰ পৰাই কাৰ্যকৰী হৈ উঠিছিল ৷
  • 1950 চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘলৈ নিযুক্ত হৈছিল আমেৰিকাৰ প্ৰথম গৰাকী নিগ্ৰো দূত ৷ তেওঁৰ নাম আছিল এডিথ চেম্পচন্​৷
  • 1981 চনৰ আজিৰ দিনটোতে বিখ্যাত সংগীতজ্ঞ জন লেননৰ হত্যাকাৰীক 20 বছৰৰ পৰা আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা গৈছিল ৷ হত্যাকাৰী গৰাকীৰ নাম আছিল মাৰ্ক ডেভিড চেম্পমেন ৷ 1980 চনৰ 8 ডিচেম্বৰত মাৰ্ক ডেভিড চেম্পমেনে হত্যা কৰিছিল প্ৰসিদ্ধ গায়কগৰাকীক ৷
  • 1995 চনৰ আজিৰ দিনটোতে দক্ষিণ আমেৰিকাত ৰাইজৰ বাবে মুকলি কৰা হৈছিল Microsoft Windows 95 ৷

ABOUT THE AUTHOR

...view details