অসম

assam

ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো

বিশ্ব ইতিহাসত সংঘটিত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনাঃ

ETV BHARAT

By

Published : Aug 7, 2019, 2:18 PM IST

  • আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। কেন্দ্ৰীয় হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী সন্তোষ কুমাৰ গংগোৱাৰৰ পৃষ্ঠপোষকতাত যুটীয়া সদনৰ অনুমতি সাপেক্ষে 7 আগষ্টৰ দিনটো হস্ততাঁত দিৱস হিচাপে গৃহীত কৰা হৈছিল ৷
  • ইন্দ্ৰধনু কবি হিচাপে পৰিচিত প্ৰথিতযশা সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল ১৮৯৯ চনৰ আজিৰ দিনটোত ।
  • ১৯৬৬ চনৰ আজিৰ দিনটোত আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী জিম্মী ৱেলছ জন্ম হৈছিল।
  • ১১০৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ সম্ৰাট চতুৰ্থ হেনৰীৰ মৃত্যু হয়। 1056 চনত ৰাজভাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল তেওঁ ৷
  • ১৮৪৮ চনৰ আজিৰ দিনটোতে ছুইডেনৰ ৰসায়ন বিজ্ঞানী জনজ জেকব বাৰ্জেলিয়াছৰ মৃত্যু হয়।
  • ১৯৪১ চনৰ আজিৰ দিনটোত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু হয় । 1861 চনৰ 7 মে’ত সেই সময়ৰ ব্ৰিটিছ শাসনাধীন কলকাতা চহৰত জন্ম গ্ৰহণ কৰিছিল ৷ ৰবীন্দ্ৰনাথ ঠাকুৰ গুৰুদেৱ, কবিগুৰু, বিশ্বকবি আদি নামেৰেও জনাজাত ৷
  • ১৯০৫ চনৰ আজিৰ দিনটোতেই ঘটিছিল বংগ বিভাজন।
  • 1959 চনৰ আজিৰ দিনটোতে লুণা-৩ৰ দ্বাৰা চন্দ্ৰৰ অদৃশ্য ফালটোৰ ফটো লোৱা হৈছিল ৷ 1959 চনতেই ছোভিয়েট ইউনিয়নে উৎক্ষেপন কৰিছিল লুনা-3 অথবা E-2A no. 1 কৃটিম উপগ্ৰহটো ৷
  • আজি পশ্চিম আফ্ৰিকাৰ দেশ আইভৰি কষ্টৰ স্বাধীনতা দিৱস ৷ ১৯৬০ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰিছিল ৰাষ্ট্ৰখনে ।
  • ১৯৬৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল উইকিপিডিয়াৰ প্ৰতিষ্ঠাতা জিমি উয়েল্ছৰ। উইকিপিডিয়াৰ প্ৰতিষ্ঠাতা আছিল জিমি উয়েল্ছ।
  • ১৮৬৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পৰা পূৰ্ণগ্ৰাহ সূৰ্যগ্ৰহণৰ প্ৰথম ফটো লোৱা হৈছিল।
  • ১৯৬০ চনৰ আজিৰ দিনটোত পশ্চিম আফ্ৰিকাৰ দেশ আইভৰী কষ্টে স্বাধীনতা লাভ কৰে।
  • ১৯৯৮ চনৰ আজিৰ দিনটোতে কেনিয়াৰ দাৰ ইচ ছালাম আৰু তানজানিয়াৰ নাইবোৰিস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত হোৱা বোমা বিস্ফোৰণত ২২৪ (২১৩ নাইবোৰিত আৰু ১১ ছাৰ ইচ ছালাম ) মৃত্যু হৈছিল আৰু আহত হৈছিল ৪০০০ ত কৈও অধিক মানুহৰ।
  • ২০০৭ চনৰ আজিৰ দিনটোতে শ্যাম বেনেগাললৈ ২০০৫ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।
  • ২০১৮ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ।

ABOUT THE AUTHOR

...view details