নিউজ ডেস্ক, 30 জুন : বিশ্বস্তৰত যোগাযোগৰ মাধ্যম হিচাপে সামাজিক মাধ্যমৰ গুৰুত্ব উপলব্ধিৰে 30 জুন পালন কৰা হয় বিশ্ব সামাজিক মাধ্যম দিৱস ৷ মাছাবেল নামৰ এক জনপ্ৰিয় ৱেবচাইটে 2010 চনত আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে বিশ্ব সামাজিক মাধ্যম দিৱস উদযাপন কৰিছিল ৷
বিশ্ব সামাজিক মাধ্যম দিৱস, ইয়াৰ ইতিহাস আৰু তথ্য - বিশ্ব সামাজিক মাধ্যম দিৱসৰ ইতিহাস আৰু তথ্য
2010 চনৰ মাচাবেলে প্ৰথমবাৰৰ বাবে 30 জুনত আৰম্ভ কৰিছিল বিশ্ব সামাজিক মাধ্যম দিৱস ৷ দৈনন্দিন জীৱনত সামাজিক মাধ্যমৰ গুৰুত্ব উপলব্ধিৰে ইয়াক পালন কৰিবলৈ 30 জুনৰ দিনটো নিৰ্বাচন কৰা হৈছিল ৷
![বিশ্ব সামাজিক মাধ্যম দিৱস, ইয়াৰ ইতিহাস আৰু তথ্য বিশ্ব সামাজিক মাধ্যম দিৱস, ইয়াৰ ইতিহাস আৰু তথ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7833477-thumbnail-3x2-0.jpg)
বিশ্ব সামাজিক মাধ্যম দিৱস, ইয়াৰ ইতিহাস আৰু তথ্য
সামাজিক মাধ্যমে ৰাইজক বন্ধু আৰু পৰিয়ালৰ সৈতে সংযোগ কৰাই নহয়, ইয়ে বহুটো শৈক্ষিক শিক্ষানুষ্ঠান, ব্যক্তিগত প্ৰতিষ্ঠান, গৱেষণা সংস্থা, ক্ষুদ্ৰ আৰু বৃহৎ ব্যৱসায়ৰ কাম কৰাৰ নীতিয়ে সলনি কৰি পেলাইছে ৷ সামাজিক মাধ্যমৰ উপস্থিতি সকলোতে দেখিবলৈ পোৱা গৈছে ৷
- সমগ্ৰ বিশ্বত 3.81 বিলিয়ন ব্যৱহাৰকাৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰে, য'ত 2019 চনত ভাৰততে 574 মিলিয়ন ইন্টাৰনেট ব্যৱহাৰকাৰী আছে ৷
- 2020ৰ ডিচেম্বৰলৈ ভাৰতত সক্ৰিয় ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা 639 মিলিয়নলৈ বৃদ্ধি পাব বুলি ধাৰনা কৰা হৈছে ৷
- 2020ৰ প্ৰথমাৰ্ধত ফেচবুকৰ সক্ৰিয় ব্যৱহাৰকাৰী প্ৰতিমাহত আছিল 2.6 বিলিয়ন ৷
- 2020ত সমগ্ৰ বিশ্বতে সামাজিক মাধ্যমত অংশগ্ৰহণ গড়ে 49 শতাংশ হয়, পূৱ এছিয়া আৰু উত্তৰ আমেৰিকাত সৰ্বাধিক সংখ্যক 71 আৰু 69 শতাংশ, আৰু তাৰ পিচত 67 শতাংশৰে তৃতীয়স্থানত আছে উত্তৰ ইউৰোপ ৷
- 99 শতাংশৰে ইউনাইটেড আৰৱ ইমাৰেটছ হৈছে বিশ্বৰ সৰ্বাধিক সক্ৰিয় সামাজিক মাধ্যম অংশগ্ৰহণকাৰী
- প্ৰতিদিনে গড়ে ইন্টাৰনেট ব্যৱহাৰকাৰীসকলে 144 মিনিট সময় সামাজিক মাধ্যমত ব্যয় কৰে ৷
- চীনৰ পিচতেই ভাৰত হৈছে দ্বিতীয় বৃহৎ অনলাইন মাৰ্কেট ৷
- ভাৰতৰ গ্ৰামাঞ্চলত 264 মিলিয়ন ইন্টাৰনেট ব্যৱহাৰকাৰী আছে আৰু 2020ৰ শেষলৈ ই 304 মিলিয়নলৈ বৃদ্ধি পাব বুলি ধৰা হৈছে ৷ ভাৰতৰ গ্ৰামাঞ্চলত এক বৃহৎ অংশই ইন্টাৰনেটৰ সংযোগৰ পৰা আঁতৰত আছে ৷
- চুছি আৰু ষ্টিকৰ পিচতে পিজ্জা হৈছে ইনষ্টাগ্ৰামত সৰ্বাধিক অনুকৰণকাৰী খাদ্য ৷
- ইনষ্টাগ্ৰামত সৰ্বাধিকসংখ্যক লাইক পোৱা ফটোখন হৈছে এটা কনীৰ ৷ world_record_egg নামে আপলোড কৰা এই ফটোখনে বিশ্ব অভিলেখ গঢি থৈ দিছে ৷
- সমগ্ৰ বিশ্বত প্ৰতিদিনে 500 মিলিয়ন টুইট কৰা হয় যিটো প্ৰতি ছেকেণ্ডত 6,000 টুইট কৰা হয় ৷