অসম

assam

ইতিহাসত আজিৰ দিনটো

By

Published : Jul 3, 2019, 3:19 PM IST

চাওঁ আহক বিশ্ব ইতিহাসত ৩ জুলাইত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

ETV BHARAT

  • আজি আন্তৰ্জাতিক প্লাষ্টিক বেগ মুক্ত দিৱস ৷ এবাৰলৈ ব্যৱহাৰোপযোগী প্লাষ্টিক বেগসমূহৰ পৰা বিৰত ৰাখি লোকসকলক পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবেই 3 জুলাই দিনটো ‘আন্তৰ্জাতিক প্লাষ্টিক বেগ মুক্ত দিৱস’ হিচাপে অনানুষ্ঠানিকভাৱে পালন কৰা হয় ৷
  • ব্যঙ্গ সংগীতক পোন প্ৰথমবাৰৰ বাবে পৰিচিত কৰোৱা, ব্যঙ্গ সংগীতৰ পিতৃ হিচাপে খ্যাত জৰ্জ এম. কহান ১৮৭৮ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ।
  • 1844 চনৰ আজিৰ দিনটোতে পৃথিৱীৰ পৰা নিঃশেষ হৈ গৈছিল 'গ্ৰেট অ'ক্স' প্ৰজাতিৰ শেষৰ যোৰ চৰাই । এই চৰাইবিধ দেখাত পেংগুইনৰ দৰে একেই ।
  • 1908 চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত ব্ৰিটিছ চৰকাৰে আটক কৰিছিল বাল গঙ্গাধৰ তিলকক ৷ জন্মৰ সময়ত তেওঁৰ নাম আছিল কেশৱ গঙ্গাধৰ তিলক আৰু পাচলৈ লোকমান্য তিলক হিচাপে তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ 1856 চনৰ 23 জুলাইত মহাৰাষ্ট্ৰৰ ৰত্মগিৰিত জন্মগ্ৰহণ কৰা বাল গংগাধৰ তিলকে ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল ৷
  • 1928 চনৰ আজিৰ দিনটোতে জন ল’গী বেৰ্ডে লণ্ডনত প্ৰথমবাৰৰ বাবে লোকসকলক ৰঙীন টেলিভিজনৰ সৈতে পৰিচয় কৰাইছিল ৷
  • ১৯১৮ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ভাৰতৰ এগৰাকী জনপ্ৰিয় অভিনেতা, পৰিচালক তথা প্ৰযোজক চিভি ৰাঙ্গা ৰাওয়ে । সাংস্কৃতিক জগতখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰপতি বঁটাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ।
  • ইয়াৰোপৰিও, ১৯৫২ চনৰ ৩ জুলাই তাৰিখে জন্ম গ্ৰহণ কৰিছিল ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী, সংগীত পৰিচালক, অভিনেতা তথা বহুমুখী প্ৰতিভাৰ অধিকাৰী অমিত কুমাৰে ।

ABOUT THE AUTHOR

...view details