অসম

assam

ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - 2 july

চাওঁ আহক বিশ্ব ইতিহাসত 2 জুলাইত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

etv bharat

By

Published : Jul 2, 2019, 7:58 PM IST

  • তথ্য প্ৰযুক্তিৰ দিশত আজিৰ দিনটো বিশেষভাৱে মনত ৰাখিবলগীয়া ৷ 1698 চনৰ 2 জুলাই তাৰিখে থমাচ চেভাৰীয়ে ভাপ ইঞ্জিন উদ্ভাৱন কৰাৰ বাবে স্বত্বাধিকাৰ প্ৰদান কৰা হৈছিল ৷
  • আজিৰ দিনটো বিশ্ব ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ দিন ৷ 1822 চনৰ আজিৰ দিনটোতে ডেনমাৰ্কৰ লগতে দক্ষিণ কাৰোলিনাৰ 35 গৰাকীকৈ দাসক ফাঁচী দিয়া হৈছিল ৷ দাস বিদ্ৰোহৰ পৰিকল্পনা কৰাৰ অপৰাধতে হত্যা কৰা হৈছিল 35 গৰাকীকৈ লোকক ৷
  • 1940 চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতা সুভাষ চন্দ্ৰ বসুক কলিকতাৰ পৰা আটক কৰা হৈছিল ৷
  • বাংলাদেশৰ মুক্তিযুদ্ধ- 1971 চনৰ আজিৰ 2 জুলাই তাৰিখে ভাৰত আৰু পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলী ভুট্টোৰ মাজত স্বাক্ষৰিত হৈছিল চিমলা চুক্তি ৷ 1971 চনত সেইসময়ৰ পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজত চলি সশস্ত্ৰ সংগ্ৰামত প্ৰায় ৯ মাহৰ পাচত অৰ্থাৎ সেই বৰ্ষৰে ডিচেম্বৰ মাহৰ পৰা ভাৰতেও পশ্চিম পাকিস্তানৰ সমৰ্থনত অংশগ্ৰহণ কৰে ৷ অৱশেষত যুদ্ধৰ পৰিণতি হিচাপে ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল চিমলা চুক্তি ৷ ইয়াৰ পাচতেই পূৱ পাকিস্তানে বাংলাদেশ হিচাপে প্ৰতিষ্ঠা লাভ কৰে ৷
  • 2016 চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ ৷ বাঘদাদৰ কেৰেডাত সংঘটিত এই সন্ত্ৰাসবাদীৰ আত্মঘাতী বিস্ফোৰণত কমেও 341 গৰাকীকৈ নিৰীহ লোকৰ মৃত্যু হৈছিল ৷

ABOUT THE AUTHOR

...view details