অসম

assam

ইতিহাসত আজিৰ দিনটো

By

Published : Jul 7, 2019, 3:09 PM IST

চাওঁ আহক বিশ্ব ইতিহাসত ৭ জুলাইত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

etv bharat

  • ভাৰতীয় ৰাজনীতিবিদ ৰেট্টামালাই শ্ৰীনিবাসনৰ আজি জন্ম বাৰ্ষিকী । ১৮৫৯ চনৰ ৭ জুলাই তাৰিখে মাদ্ৰাছত জন্মগ্ৰহণ কৰিছিল জনজাতীয় নেতা তথা বিশিষ্ট ৰাজনীতিবিদ গৰাকীয়ে । ভাৰতত জনজাতীয় আন্দোলনৰ গঢ় দিওঁতা আৰ. শ্ৰীনিবাসন মহাত্মা গান্ধীৰ খুবেই ঘনিষ্ঠ আছিল ।
  • ১৯৮১ চনৰ আজিৰ দিনটোতে যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা সদস্য হিচাপে নিযুক্তি লাভ কৰিছিল চান্দ্ৰা ডে অ' কৰন্নৰে । যুক্তৰাষ্ট্ৰৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰ'নাল্ড ৰিগানে নিযুক্তি দিছিল তেওঁক ।
  • ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা উইকেট কিপাৰ, বেটচমেন মহেন্দ্ৰ সিং ধোনীৰ আজি ওপজা দিন । ১৯৮১ চনত বিহাৰৰ ৰাঁচীত জন্মগ্ৰহণ কৰিছিল জনপ্ৰিয় খেলুৱৈ গৰাকীয়ে ।
  • ১৯৮৫ চনৰ ৭ জুলাইত বিশ্বৰ সবাতোকৈ পুৰণি টেনিছ টুৰ্ণামেন্ট 'উইমব্লেট' জয় কৰি কনিষ্টতম বিজয়ী হিচাপে অভিলেখ ৰচিবলৈ সক্ষম হৈছিল বৰিচ বেকাৰে । টুৰ্ণামেন্টখন জয় কৰাৰ সময়ত তেওঁৰ বয়স আছিল ১৭ বছৰ ।
  • ১৯৯০ চনৰ আজিৰ দিনটোতে মিজো নেচনেল ফ্ৰণ্টৰ প্ৰতিষ্ঠাপক লালডেংগাৰ মৃত্যু হয় । লালডেংগা আছিল মিজোৰামৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী ।
  • ১৯৯২ চনৰ ৭ জুলাই তাৰিখে নিউয়ৰ্কৰ সমাজ ব্যৱস্থাত নাৰী আৰু পুৰুষৰ সম অধিকাৰৰ ক্ষেত্ৰত আদালতে গ্ৰহণ কৰিছিল এক বিশেষ শুনানি । ৰাজহুৱা স্থানত পুৰুষৰ দৰে মহিলায়ো স্বল্প বস্ত্ৰ পৰিধান কৰিব পাৰিব ।
  • ২০০৩ চনৰ আজিৰ দিনটোতে নাচাই ডেল্টা-II ৰকেটৰে মঙ্গল গ্ৰহলৈ উত্ক্ষেপন কৰা হৈছিল MER-B অথবা "Oppy" নামৰ ৰবটটো ।
  • ২০০৫ চনৰ আজিৰ দিনটোতে লণ্ডনৰ পৰিবহন ব্যৱস্থাত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনা । চাৰিটাকৈ আত্মঘাতী বিস্ফোৰণত নিহত হৈছিল ৫৬ গৰাকীকৈ লোক লগতে ৭০০ গৰাকীতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হয় ।
  • ছাহজাহানৰ মৰমৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মিত তাজমহলে বিশ্বৰ সপ্ত আশ্চৰ্যৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰে ২০০৭ চনৰ আজিৰ দিনটোত ।

ABOUT THE AUTHOR

...view details