নিউজ ডেস্ক, ৬ মে' : কোভিড-১৯ মহামাৰী আৰু তাৰ পৰৱৰ্তী সময়ৰ লকডাউনৰ ফলত দেশৰ নিয়োগখণ্ড ভয়াৱহভাৱে ক্ষতিগ্ৰস্থ হৈছে । ভাৰতে এপ্ৰিল মাহত নিয়োগ ক্ষেত্ৰত ৬২ শতাংশ অৱনতিৰ সন্মুখীন হৈছে । Naukri.com নামৰ সংস্থাই বুধবাৰে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ।
নিয়োগক্ষেত্ৰত হোটেল/ৰেষ্টুৰেন্ট/ভ্ৰমণ/বিমান পৰিৱহণ উদ্যোগত -৯০ শতাংশ, অটো/অনুসাংগিক উদ্যোগত -৮২ শতাংশ, খচৰা খণ্ডত -৭৭ শতাংশ আৰু একাউন্টিং/ফাইনেন্সত -৭০ শতাংশ অৱনতি দেখা গৈছে বুলি প্ৰকাশ কৰিছে সংস্থাটোৱে ।
দেশৰ বিভিন্ন চহৰত নিয়োগক্ষেত্ৰত দশকৰ ঘৰত হ্ৰাস পৰিলক্ষিত হৈছে । দিল্লীত ৭০ শতাংশ, চেন্নাইত -৬২ শতাংশ, কলকাতাত -৬০ শতাংশ আাৰু মুম্বাইত -৬০ শতাংশ নিয়োগ হ্ৰাস পৰিলক্ষিত হৈছে । অভিজ্ঞতাৰ ফালৰ পৰা এই পৰিসংখ্যা চাবলৈ গ'লে প্ৰাৰম্ভিক পৰ্যায়ৰ (০ৰ পৰা ৩ বছৰ) লোকৰ বাবে সৰ্বাধিকসংখ্যক ৬৭ শতাংশ নিয়োগ হ্ৰাস পৰিলক্ষিত হৈছে ।