নিউজ ডেস্ক, 22 মে': হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে (HUL) শুকুৰবাৰে ঘোষণা কৰে যে, COVID-19 ৰ বিৰুদ্ধে যুঁজত অসমৰ চাহ বাগিছাৰ শ্ৰমিকসকললৈ স্বাস্থ্যকৰ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণৰ বাবে UNICEF ৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিছে ৷ ইয়াৰ ফলত ৰাজ্যৰ চাহ বাগিছাসমূহত থকা পৰিয়ালসকল লাভাম্বিত হ'ব ৷ এই পাৰ্টনাৰশ্বিপৰ জৰিয়তে যোগাযোগৰ মাধ্যম আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বাবে প্ৰয়োজনীয় চাবোন আৰু শৌচাগাৰৰ সুবিধাও প্ৰদান কৰা হ'ব চাহ বাগিছাৰ শ্ৰমিকসকলক ৷
COVID-19 মহামাৰীৰ সময়ত এই লোকসকলৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হ'ব ৷ চাহ শ্ৰমিক আৰু স্থানীয় সমূদায় সমূহক সজাগতামূলক ব্যৱস্থা গ্ৰহণ সম্পৰ্কে অৱগত কৰোৱা হ'ব ৷ চাহ বাগিছা সমূহত কৰ্মৰত স্বাস্থ্য বিষয়া সকলক প্ৰশিক্ষণ দিবৰ বাবে HUL য়ে সাজু কৰিছে ভিডিঅ' আৰু অন্য প্ৰয়োজনীয় তথ্য ৷
HUL ৰ অধ্যক্ষ তথা কাৰ্যবাহী সঞ্চালক সঞ্জীৱ মেহতাই এই সম্পৰ্কত কয়, "দেশৰ পুৰণি উদ্যোগসমূহৰ ভিতৰত চাহ উদ্যোগ অন্যতম - এয়া উত্তৰ-পূৱৰ মুখ্য কোম্পানী সমূহৰ অন্যতম ৷ আনহাতে, দেশৰ সুশৃংখলিত খণ্ডটোত অধিক সংখ্যক কৰ্মচাৰীয়ে সেৱা আগবঢ়াই আহিছে ৷ আমি HUL ৰ সৈতে পাৰ্টনাৰশ্বিপত চাহ শ্ৰমিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্য বান্ধি লৈছো ৷"