অসম

assam

ETV Bharat / bharat

হিমাচল প্ৰদেশৰ স্বাস্থ্য সেৱাৰ সঞ্চালকক গ্ৰেপ্তাৰ, চাকৰিৰ পৰা বৰ্খাস্ত

হিমাচল প্ৰদেশৰ স্বাস্থ্য বিভাগৰ সঞ্চালক অজয় কুমাৰ গুপ্তাক দুৰ্নীতিৰ অপৰাধত গ্ৰেপ্তাৰ । দুৰ্নীতি নিবাৰক শাখাৰ অধীক্ষক ছালিনী অগ্নীহোত্ৰীয়ে জনোৱা অনুসৰি, দুৰ্নীতিৰ অপৰাধত Prevention of Corruption Act ৰ অধীনত গুপ্তাক গ্ৰেপ্তাৰ কৰা হয় ।

চাকৰিৰ পৰা বৰ্খাস্ত
হিমাচল প্ৰদেশৰ স্বাস্থ্য সেৱাৰ সঞ্চালকক গ্ৰেপ্তাৰ

By

Published : May 22, 2020, 12:46 PM IST

নিউজ ডেস্ক, 22 মে': হিমাচল প্ৰদেশৰ ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰক শাখাই ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ সঞ্চালক অজয় কুমাৰ গুপ্তাক দুৰ্নীতিৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল । বুধবাৰে শেষ নিশা বিষয়া জনক গ্ৰেপ্তাৰ কৰাৰ পাচত বৃহস্পতবাৰে ৰাজ্য চৰকাৰে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰে । দুৰ্নীতি নিবাৰক শাখাৰ অধীক্ষক ছালিনী অগ্নীহোত্ৰীয়ে জনোৱা অনুসৰি দুৰ্নীতিৰ অপৰাধত Prevention of Corruption Act ৰ অধীনত গুপ্তাক গ্ৰেপ্তাৰ কৰা হয় ।

তেওঁৰ বিৰুদ্ধে এটা 43 ছেকেণ্ডৰ অডিঅ' ক্লিপ পোৱা গৈছিল য'ত সঞ্চালকজনে এজন ব্যক্তিৰ পৰা কামৰ বাবে 5 লাখ টকাৰ ঘোচ বিচাৰিছিল । তাৰ পাচতেই অনুসন্ধান চলাই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল । গ্ৰেপ্তাৰৰ পাচত বৃহস্পতিবাৰে গুপ্তাক ন্যায়ালয়ত হাজিৰ কৰোৱা হয় আৰু ন্যায়ালয়ে 5 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

অগ্নিহোত্ৰীয়ে জনোৱা অনুসৰি, বিষয়াগৰাকীক চিকিৎসাৰ বাবে ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । কিয়নো স্বাস্থ্য পৰীক্ষাৰ সময়ত তেওঁৰ দেহত মধুমেহ আৰু ৰক্তচাপৰ সমস্যা ধৰা পৰিছিল ।

লগতে তেওঁ তদন্তকাৰী দলে গুপ্তাৰ বাসগৃহৰ পৰা কিছু নথি পত্ৰ জব্দ কৰিছে বুলি উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details