অসম

assam

ETV Bharat / bharat

শীঘ্ৰে পৰ্যটকৰ বাবে মুকলি হ'ব হিমাচল প্ৰদেশ

তিনিমাহত অন্তত পুনৰ পৰ্যটকৰ বাবে মুকলি হ'ব প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ অধিকাৰী পৰ্যটন স্থলী হিমাচল প্ৰদেশ । হিমাচললৈ যাবৰ বাবে পৰ্যটকসকলে 'SOP'ৰ সকলো নিয়মাৱলী মানি চলাৰ লগতে প্ৰথমে পঞ্জীয়ণ কৰিব লাগিব নিজৰ নাম । লগতে, নূন্যতম ৫-৭ দিন ৰাজ্যখনত থাকিব পাৰিব পৰ্যটকসকল ।

By

Published : Jul 5, 2020, 7:26 PM IST

PM Modi meets President Kovind, briefs him on issues of national, international importance
শীঘ্ৰে পৰ্যটকৰ বাবে মুকলি হ'ব হিমাচল প্ৰদেশ

নিউজ ডেস্ক, ৫ জুলাইঃ শীঘ্ৰে পৰ্যটকৰ বাবে মুকলি হ'ব দেশৰ জনপ্ৰিয় পৰ্যটনস্থলী হিমাচল প্ৰদেশ । কিন্তু কোভিড-১৯ সংকটৰ বাবে পৰ্যটকসকলৰ বাবে চৰকাৰে জাৰি কৰিছে কেতবোৰ নিয়মাৱলী । চৰকাৰৰ সকলো নিৰ্দেশাৱলী মানি চলিহে ৰাজ্যখনলৈ যাব পাৰিব পৰ্যটকসকল । কোভিড-১৯ মহামাৰীৰ ফলত বিগত তিনিমাহে বন্ধ হৈ আছিল ৰাজ্যখনৰ সকলো পৰ্যটনস্থলী । হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে প্ৰকাশ কৰে এই কথা।

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি 'SOP' (standard operating procedure)ৰ সকলো নিয়মাৱলী মানি চলাৰ লগতে, মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব মানি চলিহে পৰ্যটকসকলে হিমাচল ভ্ৰমনলৈ আহিব পাৰিব।

মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে লগতে কয় যে, এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ লগত আলোচনা কৰা বুলিও উল্লেখ কৰে । পৰ্যটকসকলে হিমাচললৈ যাবৰ বাবে প্ৰথমে নিজৰ নাম পঞ্জীয়ণ কৰিব লাগিব । যদি পৰ্যটকসকলৰ কোনো এজনৰ কোভিড-১৯ পজিটিভ পোৱা যায় তেন্তে তেওঁৰ সংস্পৰ্শত অহা লোকসকলৰ বিষয়ে জানিবলৈ এই পঞ্জীয়ণ প্ৰক্ৰিয়াই সহায় কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । লগতে, পৰ্যটকসকলে নূন্যতম ৫-৭ দিন ৰাজ্যখনত থাকিব পাৰিব ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনত কোভিড-১৯ পজিটিভ লোকৰ সংখ্যা ১,০৪৬ গৰাকীলৈ বৃদ্ধি পাইছে । ইয়াৰে ৩৩১ গৰাকী লোক চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে মুঠ ৭০৪ গৰাকী ৰোগীয়ে। আনহাতে, এই মহামাৰীৰ ফলত মৃত্যমুখত পৰিছে মুঠ ১১ গৰাকী লোক।

ABOUT THE AUTHOR

...view details