নেশ্যনেল ডেস্ক, 4 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে হিমাচল প্ৰদেশ চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰিলে ছিয়ুইংগামৰ বিক্ৰীত ৷ যিহেতু থু-খেকাৰৰ জৰিয়তেও কৰ'ণা ভাইৰাছৰ সংক্ৰমণ হয়, সেয়েহে তিনিমাহৰ বাবে ছিয়ুইংগামৰ বিক্ৰী আৰু ব্যৱহাৰ বন্ধ কৰাৰ কথা ঘোষণা কৰে হিমাচল চৰকাৰে ৷
ছিয়ুইংগামৰ বিক্ৰীত প্ৰতিবন্ধকতা আৰোপ হিমাচল প্ৰদেশৰ - কোভিড-19 সংক্ৰমণ
ছিয়ুইংগামৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ হিমাচল প্ৰদেশ চৰকাৰৰ ৷ এই কথা জানিবলৈ দিয়ে আৰ. ডি. ধিমানে ৷
![ছিয়ুইংগামৰ বিক্ৰীত প্ৰতিবন্ধকতা আৰোপ হিমাচল প্ৰদেশৰ আৰ. ডি. ধিমানৰ ঘোষণা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6664196-536-6664196-1586013662930.jpg)
ছিয়ুইংগামৰ বিক্ৰীত প্ৰতিবন্ধকতা আৰোপ হিমাচল প্ৰদেশৰ
ছিয়ুইংগাম খাই পেলাই দিয়াৰ ফলত যিকোনো লোকৰ দেহলৈ কোভিড-19 সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে বুলি মন্তব্য কৰে খাদ্য সুৰক্ষা আয়ুক্ত আৰু অতিৰিক্ত মুখ্য সচিব (স্বাস্থ্য) আৰ. ডি. ধিমানে ৷
ৰাজ্যবাসীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বাবল গাম, ছিয়ুইংগাম আৰু এনেধৰণৰ সামগ্ৰীৰ বিক্ৰীত 30 জুনলৈকে নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি জানিবলৈ দিয়ে ধিমানে ৷