অসম

assam

ETV Bharat / bharat

কেৰালাত হিৰোইন সহ জব্দ অসমৰ যুৱক - ETV BHARAT

কেৰালাৰ কোচিত হিৰোইন সৰবৰাহৰ অভিযোগত অসমৰ টিংকু ভাই ওৰফে আজিজ উল হক নামৰ এজন যুৱকক আটক কৰা হৈছে ৷ প্ৰায় দহ গ্ৰাম ওজনৰ 10 টা হিৰোইন পেকেট কঢ়িয়াই নিয়া অৱস্থাত তেওঁক আটক কৰা হয় ৷ উল্লেখ্য যে, এই ঘটনাৰ এক মাহ পূৰ্বেও কেৰালাৰ আলোভা ৰেলৱে ষ্টেছনৰ পৰাও মাথিবু নামৰ অসমৰ ব্যক্তি এজনক 2.75 গ্ৰাম হিৰোইন কঢ়িয়াই নিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

HEROIN SEIZED IN KOCHI: ASSAM WORKER HELD

By

Published : Apr 1, 2019, 9:12 PM IST

নিউজ ডেস্ক, 1 এপ্ৰিল: অসমৰ টিংকু ভাই ওৰফে আজিজ উল হক নামৰ এজন লোকক কোচিত আবকাৰী বিভাগে হিৰোইন কঢ়িয়াই নিয়াৰ অভিযোগত আটক কৰিছে ৷ প্ৰায় দহ গ্ৰাম ওজনৰ 10 টা হিৰোইন পেকেট কঢ়িয়াই নিয়া অৱস্থাত তেওঁক আটকাধীন কৰা হয় ৷ টিংকু মছলা নামেৰে কোচিত হিৰোইন বিক্ৰী কৰা টিংকুয়ে কলেজীয়া ছাত্ৰ - ছাত্ৰী আৰু বিভিন্ন ৰাজ্যৰ পৰা অহা নিবনুৱাসকলক হিৰোইন যোগান ধৰে বুলি আবকাৰী বিভাগে জানিবলৈ দিয়ে ৷

HEROIN SEIZED IN KOCHI: ASSAM WORKER HELD

উল্লেখ্য যে, এই ঘটনাৰ এক মাহ পূৰ্বেও কেৰালাৰ আলোভা ৰেলৱে ষ্টেছনৰ পৰাও মাথিবু নামৰ অসমৰ ব্যক্তি এজনক 2.75 গ্ৰাম হিৰোইন কঢ়িয়াই নিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ মাথিবুয়ে দিয়া তথ্য অনুসৰি আবকাৰী বিভাগে অভিযান চলাই টিংকু ভাইক আটক কৰে ৷ আবকাৰী বিভাগে জনোৱা অনুসৰি আৰু বহু লোক এই দলৰ সৈতে জড়িত হৈ আছে আৰু অতি সোনকালেই তেওঁলোককো গ্ৰেপ্তাৰ কৰা হ'ব ৷

ABOUT THE AUTHOR

...view details