অসম

assam

By

Published : Jan 5, 2020, 11:43 PM IST

ETV Bharat / bharat

আধৰুৱা হৈ ৰ’ৱ নেকি বিজেপিৰ সপোন ?

মাত্ৰ দুটা বছৰত পাঁচখন ৰাজ্যত পৰাজয়বৰণে আউল লগাইছে বিজেপিৰ অংকত ৷ 2020 চনত ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা লাভৰ ক্ষীণ আশা বিজেপি দলৰ ৷ ৰাজ্যসমূহত হ্ৰাস পাই আহিছে বিজেপি দলৰ আসনৰ সংখ্যা ৷

Here's why BJP can't have RS majority in 2020
আধৰুৱা হৈ ৰ’ৱ ৰাজ্যসভাত বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ সপোন

নেশ্বনেল ডেস্ক , 5 জানুৱাৰীঃক্ৰমাগতভাৱেদুবাৰকৈ কেন্দ্ৰৰ ক্ষমতা দখল আৰু দেশৰ প্ৰায়সমূহ ৰাজ্য় নিজৰ দখললৈ অনাৰ পাছত কেন্দ্ৰত শাসনাধিষ্ঠ দল বিজেপিৰ বাবে ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠতা আছিল একমাত্ৰ আৰু অন্তিম সপোন ৷ কিন্ত 2019 বৰ্ষত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ দৰে দুখন গুৰুত্বপূৰ্ণ ৰাজ্যত কৰা পৰাজয়বৰণে বিজেপি দলৰ সেই সপোন বাস্তৱত পৰিণত হোৱাত হেঙাৰ হৈ থিয় দিছে ৷ চলিত বৰ্ষত ৰাজ্যসভাৰ 73 টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ 4 টা পদ বৰ্তমানেও খালী হৈ থকাৰ বিপৰীতে চলিত বৰ্ষত 69 জন সাংসদৰ কাৰ্যকাল শেষ হ’ব ৷ চলিত বৰ্ষত বিজেপি দলৰ 18 জন সাংসদৰ বিপৰীতে 17 জন কংগ্ৰেছ দলৰ সাংসদৰ কাৰ্যকাল শেষ হ’ব ৷

আনহাতে চলিত বৰ্ষত উত্তৰ প্ৰদেশৰ 10 জন সাংসদৰ কাৰ্যকাল শেষ হ’ব ৷ সেই কেইটা পদৰ বাবে বিজেপি দলৰ বিশেষ চিন্তাৰ কাৰণ নাই যিহেতু উত্তৰ প্ৰদেশত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে সৈতে বিজেপি দলেই শাসন চলাই আছে ৷ বৰ্তমান ৰাজ্যসভাৰ সৰ্বমুঠ 245 জন সাংসদৰ ভিতৰত 83 জন বিজেপিৰ সাংসদ থকাৰ বিপৰীতে কংগ্ৰেছৰ সাংসদ আছে 46 গৰাকী ৷

উচ্চ সদনতো সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ ক্ষেত্ৰত বিজেপি নিচেই কাষলৈ গৈছিল যদিও সদ্য অনুষ্ঠিত দুখন ৰাজ্যৰ নিৰ্বাচনে দলটোৰ সেই সপোন সাকাৰ হোৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান জনাইছে ৷ 2018 চনত ছত্তীশগড়, ৰাজস্থান আৰু মধ্য প্ৰদেশৰ নিৰ্বাচনত পৰাস্তহোৱাৰ পাছত 2019 চনৰ দুখন ৰাজ্যৰ সৈতে বিজেপিয়ে 2 টা বছৰত সৰ্বমুঠ 5 খন ৰাজ্য হেৰুৱালে ৷ 2019 চনৰ লোকসভা নিৰ্বাচনত বিজেপি দল যদিও 303 খন আসনেৰে সৈতে পুনৰ ক্ষমতালৈ আহিল কিন্তু ৰাজ্যসমূহৰ বিধানসভাৰ সদস্যৰ সংখ্যাই ৰাজ্যসভালৈ প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে ৷ যাৰ বাবে 5 খনকৈ গুৰুত্বপূৰ্ণ ৰাজ্যত সংখ্যালঘিষ্ঠ হোৱাৰ পাছত ৰাজ্যসভাৰ প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত বিজেপি দলৰ ক্ষেত্ৰত ই নিশ্চিতভাৱে প্ৰত্যাহ্বান হৈ থিয় দিব ৷

হাৰিয়ানাৰ বিধান সভাৰ ক্ষেত্ৰতো অত্যাধিক আত্মবিশ্বাসী হৈ থকা বিজেপি দলৰ পূৰ্বতকৈ আসন হ্ৰাস পালে ৷ পূৰ্বতে 47 জন বিধায়ক থকা বিজেপি দলৰ শেহতীয়া নিৰ্বাচনত বিধায়কৰ সংখ্যা 40 জনৰ তললৈ হ্ৰাস পালে ৷ মহাৰাষ্ট্ৰৰ ক্ষেত্ৰতো যদি দেখা যায়, 122 জন বিধায়ক থকা বিজেপি দলে 2019 বৰ্ষৰ বিধানসভাৰ নিৰ্বাচনত লাভ কৰিলে 105 খন আসন ৷ "মোদী যাদু"ৰে প্ৰায় দেশখনকেই গেৰুৱা কৰিবলৈ সক্ষম হোৱা বিজেপি দলৰ বাবে এতিয়া ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠটা হৈ পৰিছে এক নিমিলা অংক ৷

লগতে পঢ়কঃ জেএনইউ ছাত্ৰ একতা সভা আৰু এবিভিপি সদস্যৰ মাজত প্ৰচণ্ড মাৰপিট

ABOUT THE AUTHOR

...view details