অসম

assam

ETV Bharat / bharat

জনবসতিপূৰ্ণ অঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ

শিলিগুৰিৰ এটা জনবসতিপূৰ্ন অঞ্চলত প্ৰৱেশ কৰে তিনিটা বন্যহস্তীৰ এটা জাকে ৷ অৱশ্যে কোনো ধৰণৰ ক্ষয়-ক্ষতি নকৰাকৈয়ে পুনৰ বনাঞ্চললৈ ওভতি যায় হাতীৰ জাকটো ৷

হাতীৰ জাক
হাতীৰ জাক

By

Published : Jul 23, 2020, 1:18 PM IST

নেশ্যনেল ডেস্ক, 23 জুলাই: লক ডাউনৰ মাজতে বৃহস্পতিবাৰে শিলিগুৰিৰ এটা জনবসতিপূৰ্ণ এলেকাত প্ৰৱেশ কৰে দুটা হাতী পোৱালিসহ তিনিজনীয়া এটা হাতীৰ জাকে ৷ বৈকুণ্ঠপুৰ বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীৰ জাকটো ৷

শিলিগুৰিৰ এটা জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ বন্যহস্তীৰ জাকৰ

অৱশ্যে আবাসিক এলেকাটোৰ কোনো ক্ষতিসাধন নকৰাকৈয়ে হাতীৰ জাকটো পুনৰ বনাঞ্চললৈ ঘূৰি যায় ৷

এগৰাকী স্থানীয় লোকে জানিবলৈ দিয়ে, "শিলিগুৰি পৌৰসভাৰ অন্তৰ্গত 37 আৰু 38 নং ৱাৰ্ডত প্ৰৱেশ কৰে হাতীৰ জাকটো ৷ হাতীকেইটাই গছৰ পৰা কঁঠাল খোৱাৰ বাহিৰে কোনো ধৰণৰ ক্ষতিসাধন কৰা নাই অঞ্চলটোত ৷ সম্পদ অথবা মানুহৰ কোনো ক্ষয়-ক্ষতিৰ বিষয়ে বৰ্তমানলৈ কোনো খবৰ অহা নাই ৷ দুপৰীয়া প্ৰায় 2:30 বজাত হাতী কেইটা আহিছিল ৷ পূৰ্বেতেও এনে ঘটনা বহুবাৰ সংঘটিত হৈছে ৷"

উল্লেখ্য যে, ভিন্ন সময়ত ভিন্ন প্ৰান্তত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বন্যপ্ৰাণী ওলাই অহাৰ ঘটনা কোনো নতুন বিষয় নহয় ৷ ইতিমধ্য দেশৰ ভিন্ন প্ৰান্তত হাতী, বাঘ আদিৰ সৈতে হোৱা মানুহৰ সংঘাটত মানুহৰ লগতে প্ৰাণ হেৰুৱাইছে বন্যপ্ৰাণী সমূহেও ৷ তেনেস্থলত এনেদৰে বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি কোনো ক্ষতিসাধন নকৰাকৈয়ে পুনৰ ওভতি যায় হাতীকেইটা ৷

লগতে পঢ়ক:হাতীৰ ওপৰত মানুহৰ অবৰ্ণনীয় অত্যাচাৰ, আৰক্ষীৰ কাষ চাপিল বাইকাৰ্ছ এছ'চিয়েচন

ABOUT THE AUTHOR

...view details