অসম

assam

ETV Bharat / bharat

আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হেমন্ত সোৰেণে

দেওবাৰে হেমন্ত সোৰেণৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ৷ উপস্থিত থাকিব ঝাৰখণ্ডৰ ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৰ ৷

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ
হেমন্ত চোৰেণৰ শপত গ্ৰহণ

By

Published : Dec 29, 2019, 8:59 AM IST

Updated : Dec 29, 2019, 9:45 AM IST

নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ : ঝাৰখণ্ডৰ ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত দেওবাৰে বিয়লি 2 বজাত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হেমন্ত সোৰেণ ৷ 24 ডিচেম্বৰত ৰাজ্যপালৰ ওচৰত হেমন্ত সোৰেণে চৰকাৰ গঠন কৰিবৰ বাবে নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ লগতে 50 জন বিধায়কৰ সমৰ্থনৰ কথা প্ৰকাশ কৰে ৷

এক চৰকাৰী তথ্যত প্ৰকাশ পোৱা অনুসৰি, "ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুয়ে হেমন্ত সোৰেণক 29 ডিচেম্বৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোৱাব ৷"

উল্লেখ্য যে, 23 ডিচেম্বৰত ঘোষণা কৰা ফলাফলত জেএমএম-কংগ্ৰেছ-আৰজেডিৰ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰে ৷

ঝাৰখণ্ড বিধানসভাৰ 81 খন আসনৰ 47 খন এই মিত্ৰজোঁট দলে লাভ কৰিবলৈ সক্ষম হৈছিল ৷ জেএমএমে 30 খন, কংগ্ৰেছে 16 খন আৰু আৰজিডিয়ে 1 খন আসন দখল কৰিছিল ৷

জেভিএম(পি) য়েও তিনিজন বিধায়কৰ সৈতে সোৰেণক চৰকাৰ গঠনত সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ আনহাতে, বিজেপি দলে 25 খন আসন, এজেএছইউ এ 2 খন, চিপিআই-এমএল(লিবাৰেচন) আৰু এনচিপিয়ে এখনকৈ আৰু অন্যান্যই দুখন আসন দখল কৰে ৷

উল্লেখ্য যে, 30 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ 5 টা পৰ্যায়ত অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ 23 ডিচেম্বৰৰ দিনা ফলাফল ঘোষণা কৰা হৈছিল ৷

আৰু পঢ়ক : "জয় আই অসম" ধ্বনিৰে মুখৰিত দৈজিং উৎসৱস্থলী

Last Updated : Dec 29, 2019, 9:45 AM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details