অসম

assam

ETV Bharat / bharat

'আই এম ন’ মছিহা'ক ইতিবাচক সঁহাৰি দিয়াৰ বাবে পাঠকলৈ ধন্যবাদ চনু ছুডৰ - বেষ্টচেলাৰ

'আই এম ন’ মছিহা'ক ইতিবাচক সঁহাৰি দিয়া বাবে পাঠকলৈ ধন্যবাদ চনু ছুডৰ । এই মাহৰ আৰম্ভণিত মুক্তি পোৱা কিতাপখনে পাঠকৰ পৰা অত্যাধিক সঁহাৰি পোৱাৰ পিছতেই ইতিমধ্যে বেষ্টচেলাৰ হৈ পৰিছে ৷

'আই এম ন’ মছিহা'ক ইতিবাচক সঁহাৰি
'আই এম ন’ মছিহা'ক ইতিবাচক সঁহাৰি

By

Published : Dec 31, 2020, 2:09 PM IST

চিটাৰা ডেস্ক,31 ডিচেম্বৰ : আত্মজীৱনী 'আই এম ন’ মছিহা'ই সমগ্ৰ দেশৰ পাঠকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰাৰ পাচতে অভিনেতা চনু ছুডে বুধবাৰে কয় যে কিতাপখনে পোৱা সমৰ্থন হৃদয়স্পৰ্শী ।

এই মাহৰ আৰম্ভণিতে মুক্তি পোৱা কিতাপখনে পাঠকৰ পৰা অত্যাধিক সঁহাৰি পোৱাৰ পিছতেই বেষ্টচেলাৰ হৈ পৰিছে ৷

"2020 বৰ্ষতো এক প্ৰত্যাহ্বানমূলক বছৰ হৈ থকা সময়তেই ই মোক লাখ লাখ লোকৰ ওচৰলৈ আহিবলৈ আৰু তেওঁলোকৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰাৰ সুযোগ প্ৰদান কৰিছে। এই যাত্ৰাৰ সময়ত মই তেওঁলোকৰ পৰা শিকিছো আৰু যথেষ্ট আহৰণ কৰিছো," তেওঁ কয়।

চনু ছুডে কয় যে, ''আই এম ন’ মছিহা''ত মোৰ অভিজ্ঞতাবোৰ ভাগ-বতৰা কৰিছো আৰু কিতাপখনে কেৱল কিতাপ পাঠকৰ পৰাই নহয়, বিভিন্ন সংগঠন আৰু প্ৰতিষ্ঠানৰ পৰাহে পোৱা সমৰ্থন দেখি আগ্ৰহী।"

তেওঁৰ ''আই এম ন’ মছিহা'' তেওঁৰ যাত্ৰাৰ অপৰিসীম অভিজ্ঞতাবোৰ প্ৰশিক্ষণপ্ৰাপ্ত সাংবাদিক আৰু লেখক মিনা কে আয়াৰৰ লিখন দক্ষতাৰ সৈতে একত্ৰিত কৰিছে।

COVID-19 ৰ মহামাৰীৰ পৰিপেক্ষিতত দেশজোৰা বন্ধৰ সময়ত যেতিয়া প্ৰব্ৰজনকাৰীয়ে তেওঁলোকৰ কঠিন যাত্ৰাত ঘৰলৈ উভতি যাবলৈ আৰম্ভ কৰিছিল সেই সময়তেই চনু ছুডে তেঁওলোকৰ কাষত ইশ্বৰৰ দৰে থিয় দিছিল ৷

লগতে পঢ়ক:নিশা জালুবাৰীৰ ৰাজপথত বাগৰিল কাৰ্পেট ভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details