অসম

assam

ETV Bharat / bharat

হৃদৰোগত আক্ৰান্ত কোভিড-19 ৰোগীৰ মৃত্যুৰ সম্ভাৱনা অধিক - মাউন্ট চিনাই

শেহতীয়াকৈ প্ৰকাশিত এক গৱেষণাত পোহৰলৈ আহিছে যে, হৃদযন্ত্ৰৰ ৰোগ (myocardial injury) থকা কোভিড-19 আক্ৰান্ত লোকসকলৰ মৃত্যুৰ সম্ভাৱনা অধিক ৷

হৃদৰোগত আক্ৰান্ত কোভিড-19 ৰোগীৰ মৃত্যুৰ সম্ভাৱনা অধিক
হৃদৰোগত আক্ৰান্ত কোভিড-19 ৰোগীৰ মৃত্যুৰ সম্ভাৱনা অধিক

By

Published : Jun 12, 2020, 6:03 PM IST

নিউজ ডেস্ক, 12 জুন :নিউয়ৰ্ক চিটীৰ এক হস্পিতাল নেটৱৰ্ক, মাউন্ট চিনাইৰ গৱেষকসকলে প্ৰকাশ কৰা তথ্য অনুসৰি, কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকলৰ মাজত হৃদযন্ত্ৰৰ ৰোগ (myocardial injury) থকা লোকসকলৰ মৃত্যুৰ সম্ভাৱনা অন্যান্য কোভিড-19 আক্ৰান্ত ৰোগীৰ তুলনাত অত্যধিক ৷ এই সমগ্ৰ গৱেষণাৰ তথ্য আমেৰিকাৰ American College of Cardiologyৰ এখন গৱেষণাপত্ৰত বিগত 5 জুনত প্ৰকাশ পাইছে ৷

মাউন্ট চিনাইৰ ইকান স্কুল অৱ মেডিচিনৰ মেডিচিন (কাৰ্ডিওল'জি) বিভাগৰ সহকাৰী অধ্যাপক তথা গৱেষণাপত্ৰখনৰ সহকাৰী লেখক ডাঃ অনু লালাই কয় যে কোভিড-19এ বিভিন্ন ধৰনে ধমনী আৰু হৃদযন্ত্ৰক আক্ৰান্ত কৰিব পাৰে ৷ আমাৰ অধ্যয়নে এইক্ষেত্ৰত কিছু পোহৰ আহিবলৈ সক্ষম হৈছে ৷ আমাৰ অধ্যয়নত দেখা গৈছে যে, 36 শতাংশ কোভিড-19 আক্ৰান্ত ৰোগী যাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, যিসকলৰ শৰীৰৰ ট্ৰপোনিন লেভেল বৃদ্ধি পাইছে তেওঁলোকৰ মৃত্যুৰ সম্ভাৱনা অধিক ৷ এই গৱেষণাপত্ৰখন প্ৰস্তুত কৰোতে চীন আৰু ইউৰোপৰ অধিকাংশ দেশৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছে, এইখিনি স্বাস্থ্যকৰ্মীসকলৰ বাবে অধিক গুৰুত্বপূৰ্ণ ৷ যদিহে কোনো এগৰাকী কোভিড-19 আক্ৰান্ত ৰোগী চিকিৎসালয়ত ভৰ্তি হয় আৰু সেই ৰোগীগৰাকীৰ দেহত কোনো হৃদৰোগ আছে তেতিয়াহ'লে তেওঁক অধিক গুৰুত্ব প্ৰদান কৰা উচিত ৷ অৱশ্যে সমগ্ৰ বিষয়টো এতিয়াও আনুষ্ঠানিক পৰীক্ষণ কৰা হোৱা নাই যদিও গৱেষণা সংস্থাটোৱে এই বিষয়ে অধিক অধ্যয়ন চলাই আছে ৷

27 ফেব্ৰুৱাৰীৰ পৰা 12 এপ্ৰিল 2020 লৈ মাউন্ট চিনাইৰ গৱেষকৰ এটা দলে নিউয়ৰ্ক চিটীৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি হোৱা 3000 কোভিড-19 ৰোগীৰ বৈদ্যুতিক স্বাস্থ্য তথ্য নিৰীক্ষণ কৰিছিল ৷ গৱেষকৰ দলটোৱে পৰীক্ষা কৰা ৰোগীসকলৰ মধ্যমীয়া বয়স আছিল 66 আৰু তেওঁলোকৰ মাজৰ 60 শতাংশ পুৰুষ আছিল ৷ এইসকল ৰোগীৰ ভিতৰত 25 শতাংশৰ হৃদযন্ত্ৰৰ ৰোগৰ লক্ষণ আছিল আৰু ইয়াৰ বিপৰীতে 25 শতাংশৰ ডায়েবেটিচ অথবা উচ্চ ৰক্তচাপ আদি ৰোগ আছিল ৷ মাউন্ট চিনাইৰ গৱেষকসকলে বিচাৰি উলিয়াইছিল যে, কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱা 36 শতাংশ ৰোগীয়ে কোভিড-19ৰ সমান্তৰালকৈ হৃদযন্ত্ৰৰ ৰোগতো আক্ৰান্ত ৷ এইফালৰ পৰা সাধাৰণ কোভিড-19ত আক্ৰান্ত ৰোগীৰ তুলনাত হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সম্ভাৱনা তিনিগুণ অধিক বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে ৷

এই সমগ্ৰ বিষয়টো অধ্যয়ন কৰিবলৈ গৱেষকসকলে ৰোগীসকলৰ ট্ৰপোনিনৰ স্তৰ নিৰীক্ষণ কৰিছিল ৷ ট্ৰপোনিন হৈছে মানুহৰ হৃদযন্ত্ৰত থকা একধৰণৰ শৰ্কৰা যিয়ে হৃদযন্ত্ৰৰ পেশী দূৰ্বল হ'লে নিৰ্গত হয়, আৰু অধিক পৰিমানে ট্ৰপোনিন নিৰ্গত হোৱাটোৱে অধিক পৰিমানে হৃদযন্ত্ৰ দুৰ্বল হোৱাটোকে প্ৰমাণ কৰে ৷

এইক্ষেত্ৰত চিকিৎসালয়ত ভৰ্তি হোৱাৰ 24 ঘন্টাৰ ভিতৰতে সকলো ৰোগীৰে তেজৰ নমুনা সংগ্ৰহ কৰা হয় ৷ আৰু তেওঁলোকক তিনিটা শাখাত ভাগ কৰা হয় ৷ প্ৰথমতে, 64 শতাংশক সাধাৰণ স্তৰ (0.00-0.03 ng/mL)ত, দ্বিতীয়তে, 17 শতাংশক কম বিপদাপন্ন (0.03-0.09 ng/mLতকৈ দুই বা তিনিগুন অধিক) আৰু তৃতীয়তে, 19 শতাংশক অধিক বিপদাপন্ন (0.09 ng/mLতকৈ উচ্চক্ষমতাৰ তিনিগুন অধিক) হিচাপে ভাগ কৰা হৈছিল ৷ 70 বছৰ বয়সতকৈ অধিক বয়সৰ ৰোগীসকলৰ মাজত ট্ৰপোনিনৰ মাত্ৰা অধিক পোৱা গৈছিল আৰু তেওঁলোকৰ দেহত ডায়েবেটিছকে ধৰি উচ্চ ৰক্তচাপ আদিকে ধৰি বিভিন্ন ৰোগে দেখা দিছিল ৷ গৱেষকসকলে এই সকলো দিশ চালিজাৰি চাই ইয়াক নিৰীক্ষণ কৰিছিল ৷

পৰৱৰ্তী সময়ত গৱেষকসকলে ইয়াক পৰীক্ষা কৰি মৃত্যু সম্পৰ্কীয় দিশটো অধ্যয়ন কৰিছিল ৷ এইক্ষেত্ৰত বয়স, লিংগ, শৰীৰৰ ভৰ সূচকাংক, হৃদধমনীযুক্ত ৰোগ, চিকিৎসা আৰু চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়ত দেখা দিয়া অৱস্থা আদি বিষয়সমূহ নজৰত ৰাখিছিল ৷ এইক্ষেত্ৰত গৱেষকসকলে পাইছিল যে, সাধাৰণ ৰোগীৰ তুলনাত অধিক পৰিমানে হৃদধমনীযুক্ত ৰোগাক্ৰান্ত কোভিড-19 ৰোগীসকলৰ মৃত্যুৰ আংশকা 75 শতাংশ পৰিমানে অধিক ৷ এই বিষয়ে অধিক অধ্যয়ন মৃত্যুৰ কাৰণ হিচাপে ট্ৰপোনিনৰ স্তৰ পোহৰলৈ আহিছিল ৷

ডাঃ লালাই প্ৰকাশ কৰা অনুসৰি, হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত কোভিড-19 ৰোগীসকলৰ মাজত ট্ৰপোনিনৰ স্তৰে মৃত্যুৰ ক্ষেত্ৰত অধিক ক্ৰিয়া কৰে ৷ ট্ৰপোনিনক বাদ দিলেও কম পৰিমানৰ হৃদৰোগে মৃত্যুৰ হাৰ নিশ্চিত কৰিব পাৰে ৷ অন্যান্য হৃদৰোগীৰ তুলনাত হৃদধমনীযুক্ত ৰোগীসকলৰ ক্ষেত্ৰত এই সম্ভাৱনা অধিক ভয়াৱহ ৷

"কোভিড-19 আক্ৰান্ত ৰোগীসকলৰ মাজত হৃদৰোগ আঘাত দেখা যায় যদিও প্ৰশ্নটো হৈছে এয়াই কোভিড-19 আক্ৰান্ত ৰোগীৰ মুখ্য কাৰণ নেকি ? ইয়াৰ দ্বাৰাই ভাইৰাছটোৱে মানুহক প্ৰত্যক্ষভাৱে ৰোগাক্ৰান্ত কৰিছে নে চাইটোকিন ষ্ট্ৰোমৰ এক পৰোক্ষ প্ৰভাৱে হৃদৰোগত আঘাত কৰিছে নে প্ৰকাওগুলেন্টৰ দ্বাৰা ধমনীৰ থ্ৰমবোটিক ইকেমিয়াৰ দ্বাৰা সংঘটিত হৈছে ? এইসমূহ প্ৰশ্নৰ উত্তৰ পৰৱৰ্তী অধ্যয়নত বিচাৰি উলিওৱাটো খুবেই গুৰুত্বপূৰ্ণ ৷" এইদৰে কয়, গৱেষণাপত্ৰখনৰ মুখ্য লেখক তথা মাউন্ট চিনাইৰ সঞ্চালক তথা হাৰ্ট এণ্ড ফিডিচিয়ান ইন চীফ ডাঃ ভালেন্টিন ফাষ্টাৰে ৷

দৰাচলতে হৃদৰোগত আক্ৰান্ত ৰোগীসকলৰ পৰা কোভিড-19ৰ পৰৱৰ্তী লক্ষণ তথা চিকিৎসাজনিত দিশসমূহ অধ্যয়নত অধিক গুৰুত্ব প্ৰদান কৰাটো জৰুৰী হৈ পৰিছে ৷

ABOUT THE AUTHOR

...view details