নেশ্বনেল ডেস্ক, 10 ছেপ্টেম্বৰ :মুম্বাইৰ এখন বিশেষ আদালতত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ জামিনৰ বাবে আবেদন কৰা হৈছে ৷ ড্ৰাগছ সম্পৰ্কীয় সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছিল ভাতৃসহ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক ৷ মঙলবাৰে গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ জামিন মুম্বাই আদালতে নাকচ কৰে ৷ তাৰ পাছতেই 22 ছেপ্টেম্বৰলৈ অভিনেত্ৰীগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে ৷
শুকুৰবাৰলৈ স্থগিত ৰখা হৈছে ৰিয়া চক্ৰৱৰ্তীৰ শুনানি
মুম্বাইৰ এখন বিশেষ আদালতত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ জামিনৰ বাবে আবেদন কৰা হৈছে ৷ ড্ৰাগছ সম্পৰ্কীয় সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছিল ভাতৃসহ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক ৷
শুকুৰবাৰলৈ স্থগিত ৰখা হৈছে ৰিয়া চক্ৰৱৰ্তীৰ শুনানি
উল্লেখনীয়ভাৱে, ৰিয়া চক্ৰৱৰ্তী আৰু তেখেতৰ ভাতৃৰ শুনানি শুকুৰবাৰলৈ স্থগিত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :গ্ৰেপ্তাৰ হ'ল ৰিয়া চক্ৰৱৰ্তী !