নতুন দিল্লী,22 জানুৱাৰীঃ অৱশেষত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ সাংবিধানিক বৈধতা সম্পৰ্কে উচ্চতম ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব ৷ মুখ্য ন্যায়াধীশ এচ এ ব’বডেৰ তত্ত্বাৱধানত এখন বিচাৰপীঠে 143 খন আবেদনৰ ভিত্তিত এই শুনানি গ্ৰহণ কৰা হ’ব ৷ বিগত বৰ্ষৰ 18 ডিচেম্বৰত কেন্দ্ৰক বিভিন্ন বিষয়ত জাননী জাৰি কৰিছিল য’ত ইণ্ডিয়ান ইউনিয়ন মুছলীম লীগ আৰু কংগ্ৰেছ নেতা জয়ৰাম ৰমেশো অন্তৰ্ভুক্ত আছিল ৷ উল্লেখ্য যে,আইনখনে 2014 ৰ 31 ডিচেম্বৰৰ পূৰ্বে পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু,শিখ,বৌদ্ধ,খ্ৰীষ্টিয়ান,জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব ৷
ৰাজ্যত 10 জানুৱাৰীৰ পৰা বলৱৎ হোৱা নাগৰিকত্ব সংশোধনী আইনখন সন্দৰ্ভতো সৰ্বোচ্চ ন্যায়ালয়খনে বাধা আৰোপ কৰাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷ কিয়নো শীৰ্ষ আদালতে 9 জানুৱাৰীত আইনখনক সাংবিধানিক পৰিপন্থী হিচাপে ঘোষণা কৰাৰ বিপৰীতে দেশত অব্যাহত থকা পৰিস্থিতি সম্পৰ্কতহে গুৰুত্ব আৰোপ কৰিছিল ৷ কেন্দ্ৰীয় ভাৰতীয় মুছলীম লীগে আবেদনত উল্লেখ কৰিছে এনেদৰে-নাগৰিকত্ব সংশোধনী আইনখনে দেশৰ মৌলিক অধিকাৰ খৰ্ব কৰি একমাত্ৰ ধৰ্মৰ অধিকাৰৰ ভিত্তিত অবৈধ প্ৰব্ৰজনকাৰীসকলৰ একাংশক নাগৰিকত্ব প্ৰদানৰ পোষকতা কৰিছে ৷ উল্লেখযোগ্য যে,ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নাগৰিকত্ব সংশোধনী আইন 2019 ৰ ক্ষেত্ৰত 12 ডিচেম্বৰত প্ৰযোজ্য অধিনিয়মৰ কিছু সালসলনি ঘটায় ৷