অসম

assam

ETV Bharat / bharat

বাজেট 2020 : কি আছে স্বাস্থ্য খণ্ডত - ইন্দ্ৰধনু আঁচনিৰ অন্তৰ্গত হ'ব আন 12 টা ৰোগৰ উপশমৰ আঁচনি

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰণে দাখিল কৰিলে মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয়খন বাজেট ৷ আন খণ্ড সমুহৰ লগতে স্বাস্থ্যখণ্ডটো দেখা গল বহুকেইখন অভিনৱ আঁচনি ৷

Health sector in budget 2020-21
2020-21 ৰ বাজেটত স্বাস্থ্য খণ্ড

By

Published : Feb 1, 2020, 1:55 PM IST

Updated : Feb 1, 2020, 2:30 PM IST

নিউজ ডেস্ক ৰিপৰ্ট,1 ফ্ৰেব্ৰুৱাৰী: আজি সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয়খন বাজেট ৷ আজি দিনৰ 11 বজাত বিত্তমন্ত্ৰী গৰাকীয়ে সংসদত দাখিল কৰে 2020-21 বিত্তীয় বৰ্ষৰ বাজেট ৷ আন খণ্ড সমূহৰ লগতে স্বাস্থ্যখণ্ডটো দেখা গ'ল বহুকেইখন অভিনৱ আঁচনি ৷ এই বাজেটত স্বাস্থ্যখণ্ডত অন্তৰ্ভুক্ত হোৱা বিষয় সমূহ হ'ল-

1. স্বাস্থ্য খণ্ডৰ উন্নতিৰ বাবে 69 হাজাৰ কোটি ধাৰ্য্য ৷ য'ত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ বাবে অন্তৰ্ভুক্ত হৈছে 6,400 কোটি টকা ৷

2020-21 ৰ বাজেটত স্বাস্থ্য খণ্ড

2. দেশত অচিৰেই নিৰ্মাণ কৰা হ'ব আয়ুস্মান ভাৰত আঁচনিৰ অধীনৰ হাস্পতাল ৷ দেশৰ মুঠ 112 খন জিলাত নিৰ্মাণ কৰা হ'বআয়ুস্মান হাস্পতাল ৷ স্বাস্থ্য খণ্ডত ব্যৱহৃত সামগ্ৰী সমূহৰ পৰা উপাৰ্জিত ৰাজহ ব্যৱহাৰ কৰা হ'ব স্বাস্থ্যজনিত আচঁনিত ৷

3. অচিৰেই দেশত আৰম্ভ কৰা হ'ব "টিবি হাৰেগা দেশ জিতেগা আঁচনি"৷ এই আঁচনিৰ জৰিয়তে 2025 চনৰ ভিতৰত দেশৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ লক্ষ্য ৷

2020-21 ৰ বাজেটত স্বাস্থ্য খণ্ড

4. আয়ুস্মান ভাৰত আঁচনিৰ অধীনত বৰ্তমানলৈ দেশৰ 20 হাজাৰ হাস্পতালক পঞ্জীয়ন কৰা হৈছে যদিও আৰু হাস্পতালক পঞ্জীয়ন কৰাৰ প্ৰয়োজনীয়তা উল্লেখ বিত্তমন্ত্ৰীৰ ৷ অচিৰেই দ্বিতীয় শ্ৰেণীৰ কেইবাখনো চহৰত নিৰ্মাণ কৰা হ'ব হাস্পতাল ৷

5. অচিৰেই ইন্দ্ৰধনু আঁচনিৰ অন্তৰ্গত হ'ব আন 12 টা ৰোগৰ উপশমৰ আঁচনি ৷ দৰিদ্ৰসকলৰ স্বাস্থ্যৰ সুৰক্ষা তথা উন্নতিৰ বাবে ঘোষণা কৰা হৈছে Safe water Jal Jeevan mission and sanitation mission

লগতে পঢ়ক:নিৰ্বাচনী ইস্তাহাৰ মুকলিৰে দিল্লী নিৰ্বাচনৰ বাবে সাজু বিজেপি

Last Updated : Feb 1, 2020, 2:30 PM IST

ABOUT THE AUTHOR

...view details