অসম

assam

By

Published : Mar 16, 2020, 11:48 PM IST

ETV Bharat / bharat

HIV প্ৰতিৰোধী ঔষধে আৰোগ্য কৰিব কৰ'ণাভাইৰাছ

কৰ'ণাভাইৰাছ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব HIV প্ৰতিৰোধী ঔষধ ৷ এই ঘোষণা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ৷

HIV প্ৰতিৰোধী ঔষধে আৰোগ্য কৰিব কৰ'ণাভাইৰাছ
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ বৈঠক

নেশ্যনেল ডেস্ক, 16 মাৰ্চ : ভাৰতত কৰ'ণাভাইৰাছত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই অহাৰ ফলত অতি গুৰুতৰ অৱস্থাত ৰোগীয়ে গ্ৰহণ কৰিব পাৰিব HIV প্ৰতিৰোধী ঔষধ ৷ এই ঘোষণা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ৷

ইটিভি ভাৰতৰ সৈতে এক সাক্ষাৎকাৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ যুটীয়া সম্পাদক লাভ আগৰৱালে মন্তব্য কৰে, "পৰামৰ্শ গ্ৰহণ কৰাৰ পাচত কৰ'ণাভাইৰাছত আক্ৰান্ত গুৰুতৰ ৰোগীয়ে গ্ৰহণ কৰিব পাৰিব HIV প্ৰতিৰোধী ঔষধ ৷"

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ বৈঠক

The Indian Journal of Medical Research (IJMR) য়ে কয় যে, কৰ'ণাভাইৰাছৰ গুৰুতৰ ৰোগীৰ বাবে HIV প্ৰতিৰোধী ঔষধ Lopinavir আৰু Ritonavir ব্যৱহাৰ কৰিব পৰা যাব ৷

কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পাচত উশাহ-নিশাহত কষ্ট, নিম্নমানৰ ৰক্তচাপ আৰু দেহৰ বিভিন্ন অংগ অক্ষম হৈ পৰা 18 বছৰৰ ওপৰৰ লোকসকলক HIV প্ৰতিৰোধী ঔষধ ব্যৱহাৰ কৰিব পৰা যাব৷

উল্লেখ্য যে, জয়পুৰত HIV প্ৰতিৰোধী ঔষধৰ জৰিয়তে তিনিজন কৰ'ণাভাইৰাছ ৰোগীক আৰোগ্য কৰা হ'ল ৷ এই তিনিজনৰে দুজন ইটালীৰ নাগৰিক বুলি জানিব পৰা গৈছে ৷ 69 আৰু 70 বৰ্ষীয় দুই ইটালীয়ান নাগৰিকৰ উপৰি 85 বছৰীয়া এজন ভাৰতীয়ক HIV প্ৰতিৰোধী ঔষধৰ দ্বাৰা চিকিৎসা কৰা হয় ৷ বৰ্তমান তেওঁলোক সুস্থ হৈ উঠা বুলি জানিব পৰা গৈছে ৷

বৰ্তমানলৈকে ভাৰতত 114 টা কৰ'ণাভাইৰাছৰ ঘটনা পোহৰলৈ অহাৰ লগতে দুজন লোকে প্ৰাণ হেৰুৱাইছে ৷

আৰু পঢ়ক : নিৰ্ভয়া কাণ্ড : আন্তৰাষ্ট্ৰীয় ন্যায়িক আদালতৰ দ্বাৰস্থ 3 অপৰাধী

ABOUT THE AUTHOR

...view details