অসম

assam

ETV Bharat / bharat

COVID-19 প্ৰতিৰোধৰ বাবে টুইটাৰৰ সহায় ললে কেন্দ্ৰীয় মন্ত্ৰণালয়ে - @CovidIndiaSeva

#IndiaFightsCorona ৰ জৰিয়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দেশবাসীলৈ টুইটাৰ সেৱা আগবঢ়াইছে । COVID-19 সম্পৰ্কীয় সকলো প্ৰশ্নৰ উত্তৰ @CovidIndiaSeva ত টুইট কৰিলে দেশবাসীয়ে লাভ কৰিব বুলি সদৰী কৰে । এটা বিশেষজ্ঞৰ দলৰ জৰিয়তে এই সেৱা আগবঢ়োৱা হৈছে ।

COVID-19
COVID-19 প্ৰতিৰোধ কৰাৰ বাবে টুইটাৰৰ সহায় ললে কেন্দ্ৰীয় মন্ত্ৰণালয়ে

By

Published : Apr 21, 2020, 12:05 AM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে মহামাৰী কৰ'ণা ভাইৰাছৰ সময়ছোৱাত ভাৰতবাসীক স্বাস্থ্য সম্বন্ধীয় বিষয় সন্দৰ্ভত তথ্য সংগ্ৰহৰ বাবে ছ'চিয়েল মাধ্যম টুইটাৰ ব্যৱহাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাইছে ।

চৰকাৰৰ দ্বাৰা লোৱা সকলো পদক্ষেপ তথা নতুন নতুন উপায়সমূহৰ বিষয়ে আপডেট কৰা তথা স্বাস্থ্য সেৱাসমূহৰ বিষয়ে জ্ঞাত কৰা সন্দৰ্ভত সহায় কৰাৰ উপৰিও তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অনুৰোধ জনাই ।

আনহাতে, এনেকুৱা ব্যক্তি যাৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণে দেখা দিছে কিন্তু কেনেদৰে চিকিৎসা গ্ৰহণ কৰিব সেয়া সন্দৰ্ভত অৱগত কৰা হ'ব বা তেনে ব্যক্তিসকল উপকৃৎ হ'ব বুলি মন্ত্ৰণালয়ে সদৰী কৰে । আনহাতে ভাৰতৰ জনসাধৰণে @CovidIndiaSeva জৰিয়তে তেখেতসকলৰ প্ৰশ্নৰ উত্তৰ লাভ কৰিব বুলি সদৰী কৰে ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধন কয় যে, সামাজিক দূৰত্ব বজাই ৰাখি #IndiaFightsCorona জৰিয়তে দেশবাসীলৈ অনলাইনযোগে সেৱা আগবঢ়াই সুখী বুলি মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details