অসম

assam

সমগ্ৰ দেশত বিনামূলীয়াকৈ উপলব্ধ হ'ব ক'ৰণা প্ৰতিষেধক

By

Published : Jan 2, 2021, 12:53 PM IST

Updated : Jan 2, 2021, 1:16 PM IST

দেশত ক'ৰণা প্ৰতিষেধকৰ উপলব্ধতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড৹ হৰ্ষবৰ্ধনৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে কেৱল দিল্লীতে নহয় বৰঞ্চ সমগ্ৰ দেশতে বিনামূলীয়াকৈ ক'ৰণা প্ৰতিষেধক উপলব্ধ হ'ব ৷ ক'ভিড-19 প্ৰতিষেধক সন্দৰ্ভত ৰাইজক উৰা বাতৰি সমূহত বিশ্বাস নকৰিবলৈ আহ্বান মন্ত্ৰী গৰাকীৰ ৷

india free corona vaccine
সমগ্ৰ দেশত বিনামূলীয়াকৈ উপলব্ধ হ'ব ক'ৰণা প্ৰতিষেধক

নেচনেল ডেস্ক, 2 জানুৱাৰী:"ক'ৰণা প্ৰতিষেধক দিল্লীত যেনেকৈ বিনামূলীয়া হ'ব ঠিক তেনেকৈ অন্য ৰাজ্য সমূহতো বিনামূলীয়া হ'ব ৷", দেশত ক'ৰণা প্ৰতিষেধকৰ উপলব্ধতা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ হৰ্ষবৰ্ধনে এই মন্তব্য কৰে ৷

দিল্লীতে নহয় বৰঞ্চ সমগ্ৰ দেশতে বিনামূলীয়াকৈ উপলব্ধ হ'ব ক'ৰণা প্ৰতিষেধক

উল্লেখ্য যে ভাৰতৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত শনিবাৰৰ পৰা ক'ৰণা প্ৰতিষেধকৰ ড্ৰাই ৰান আৰম্ভ কৰা হৈছে ৷ জানিব পৰা মতে ড্ৰাই ৰানৰ জৰিয়তে সমগ্ৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াত উদ্ভৱ হ'ব পৰা সাম্ভাৱ্য প্ৰত্যাহ্বান সমূহ চিনাক্ত কৰি পৰিকল্পনা আৰু কাৰ্যত তাক ৰূপায়ন কৰাৰ মাজত এক যোগসূত্ৰ স্থাপন কৰি সকলোবোৰ পৰীক্ষা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

শনিবাৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে দিল্লীৰ গুৰু টেগ বাহাদুৰ চিকিৎসালয়ত হ'ব লগীয়া ড্ৰাই ৰানৰ বুজ লয় ৷ চিকিৎসালয়খনত উপস্থিত হৈ ক'ভিড-19 প্ৰতিষেধক সন্দৰ্ভত বিয়পা উৰাবাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় স্বাস্থ্যা মন্ত্ৰী গৰাকীয়ে ৰাইজক এনে ধৰণৰ উৰা বাতৰি সমূহত বিশ্বাস নকৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয় যে ভাৰত চৰকাৰে দেশৰ সকলো লোকক ক'ৰণাৰ পৰা সুৰক্ষিত ৰাখিব বিচাৰিছে আৰু প্ৰতিষেধকৰ বিকাশ চৰকাৰৰ এই পদক্ষেপৰে এক অংশ ৷

লগতে পঢ়ক:আজি দেশত ক’ভিড প্ৰতিষেধকৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান

Last Updated : Jan 2, 2021, 1:16 PM IST

ABOUT THE AUTHOR

...view details