অসম

assam

বিশিষ্ট বঙালী অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ স্বাস্থ্যৰ অধিক অৱনতি

By

Published : Oct 25, 2020, 10:46 PM IST

স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে বিশিষ্ট বঙালী অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ ৷ শৰীৰে ঔষধৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নিদিয়াত দেওবাৰে অভিনেতা গৰাকীৰ শৰীৰৰ অধিক অৱনতি ঘটে ৷

বিশিষ্ট বঙালী অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ স্বাস্থ্যৰ অধিক অৱনতি
বিশিষ্ট বঙালী অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ স্বাস্থ্যৰ অধিক অৱনতি

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ: বিশিষ্ট বঙালী অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ শৰীৰৰ অধিক অৱনতি ঘটিছে ৷ দেওবাৰে অভিনেতা গৰাকীৰ শৰীৰে ঔষধৰ প্ৰতি কোনো সঁহাৰি নিদিয়াত স্বাস্থ্যৰ অৱস্থা অধিক গুৰুতৰ হৈ পৰে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ফলত কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক চিকিৎসা কৰি থকা চিকিৎসক সকল যথেষ্ট চিন্তিত হৈ পৰিছে ৷ চিকিৎসক সকলৰ মতে তেওঁৰ তেজত হিম'গ্লবিনৰ পৰিমান কমি যেৱাৰ লগতে প্লেটেলেটৰ পৰিমানো কমি গৈছে ৷ বৰ্তমান চিকিৎসক সকলে তেওঁৰ শৰীৰত প্লেটেলেটৰ পৰিমান বঢ়োৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details