নিউজ ডেস্ক, ২৯ জুন :দেশৰ ৰাজধানীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দিল্লীৰ ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়ত সংৰক্ষিত থকা ৫০ শতাংশ আসনৰ ক্ষেত্ৰত সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে স্থগিত কৰাৰ নিৰ্দেশ প্ৰদান কৰে ।
বিচাৰপতী হিমা কোহলী আৰু সুব্ৰামোনিয়াম প্ৰসাদৰ এক বিচাৰপীঠত ২ জুলাইৰ পূৰ্বে ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়ৰ বিজ্ঞাপন প্ৰকাশ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । আদালতত এই গোচৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অভিযোগৰ ভিত্তিত কৰা হৈছিল । যাৰ জৰিয়তে সংৰক্ষণ ব্যৱস্থাই ছাত্ৰ-ছাত্ৰী সকলৰ অধিকাৰ খৰ্ব কৰাৰ লগতে দেশৰ সমতাৰ অধিকাৰৰ পৰিপন্থী বুলি উল্লেখ কৰিছিল ।
এনেকুৱা কিছুমান অভিযোগৰ ভিত্তিতে ছাত্ৰ-ছাত্ৰী সকলে আদালতত এখন পিটিছন দাখিল কৰিছিল । আৰু আদালতে অন্তিম শুনানী ১৮ আগষ্টত প্ৰদান কৰিব বুলি উল্লেখ কৰে ।