অসম

assam

ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডঃ অটল আদালতৰ ৰায় - hc-refuses-to-set-aside-nirbhaya-convicts-death-warrant

বুধবাৰে উচ্চ ন্যায়ালয়ে নিৰ্ভয়া কাণ্ড সন্দৰ্ভত পুনৰ বিবেচনাৰ সকলো অনুৰোধ প্ৰত্যাখ্যান কৰে ৷ লগতে অন্যতম অভিযুক্ত মুকেশ কুমাৰক দিয়া মৃত্যুৰ আদেশ বাহাল ৰাখে ৷

নতুন দিল্লী
নিৰ্ভয়া কাণ্ড

By

Published : Jan 15, 2020, 10:37 PM IST

নতুন দিল্লী,15 জানুৱাৰীঃদিল্লী উচ্চ ন্যায়ালয়ে নিৰ্ভয়া কাণ্ড সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৷ ইতিমধ্যে ন্যায়ালয়ে নিৰ্ভয়া কাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰিছে ৷ উক্ত ৰায়দান সম্পৰ্কত পুনৰ বিবেচনাৰ বাবে ন্যায়ালয়ক অনুৰোধ জনোৱা হৈছিল ৷ কিন্তু বুধবাৰে ন্যায়ালয়ে এই সন্দৰ্ভত সকলো অনুৰোধ প্ৰত্যাখ্যান কৰে ৷ লগতে অন্যতম অভিযুক্ত মুকেশ কুমাৰক দিয়া মৃত্যুৰ আদেশ বাহাল ৰাখে ৷

নিৰ্ভয়া কাণ্ড

ন্যায়ালয়ে অভিযুক্ত পক্ষৰ অধিবক্তাক নিম্ন আদালতত আবেদন কৰা ক্ষমা প্ৰাৰ্থনাৰ বিষয়ে ন্যায়ালয়ক অবগত কৰিবলৈ কয় ৷ দিল্লী চৰকাৰে ইতিপূৰ্বে নিৰ্ধাৰিত দিনত নিৰ্ভয়া কাণ্ডৰ দোষীসকলক একেলগে শাস্তি প্ৰদান কৰা নহ’ব বুলি ন্যায়ালয়ক অবগত কৰিছিল ৷ কিয়নো অভিযুক্ত সকলৰ এজনে ক্ষমা বিচাৰি আবেদন কৰিছিল ৷

লগতে চাওকঃব্যতিক্ৰমী সত্ৰীয়া পৰম্পৰাৰে বৰপেটাবাসীৰ হেঁপাহৰ উৰুকা

ABOUT THE AUTHOR

...view details