অসম

assam

ETV Bharat / bharat

দিশা কাণ্ডঃ মৃতদেহ সংৰক্ষিত ৰাখিবলৈ নিৰ্দেশ হায়দৰাবাদ উচ্চ ন্যায়ালয়ৰ - মৰণোত্তৰ পৰীক্ষা

তেলেংগানা উচ্চ ন্যায়ালয়ে দিশা কাণ্ডত জড়িত লোককেইজনৰ মৃতদেহ কেইটা সংৰক্ষিত কৰি ৰাখিবলৈ আৰক্ষীক নিৰ্দেশ দিছে, মৃতদেহসমূহ অহা 9 ডিচেম্বৰৰ ৰাতি 8 বজালৈ সংৰক্ষিত ৰাখিবলৈ এই নিৰ্দেশ প্ৰদান কৰিছে হায়দৰাবাদ উচ্চ ন্যায়ালয়ে ৷

9 ডিচেম্বৰৰ ৰাতি 8 বজালৈ সংৰক্ষিত ৰাখিবলৈ এই নিৰ্দেশ প্ৰদান
দিশা কাণ্ডঃ মৃতদেহ সংৰক্ষিত ৰাখিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

By

Published : Dec 6, 2019, 11:26 PM IST

নিউজ ডেস্ক,6 ডিচেম্বৰঃ তেলেংগানা উচ্চ ন্যায়ালয়ে শুক্ৰবাৰে গুলীয়াগুলিত নিহত হোৱা ধৰ্ষণকাণ্ডৰ অভিযুক্ত কেইজনৰ মৃতদেহ সংৰক্ষিত কৰি ৰাখিবলৈ আৰক্ষীক নিৰ্দেশ দিছে ৷ শুক্ৰবাৰে দিশা কাণ্ডৰ তাৎক্ষণিক শুনানিত উচ্চ ন্যায়ালয়ে তেলেংগানা আৰক্ষীক এই নিৰ্দেশ দিয়ে ৷ দিশা কাণ্ডত জড়িত লোককেইজনৰ মৃতদেহসমূহ অহা 9 ডিচেম্বৰৰ ৰাতি 8 বজালৈ সংৰক্ষিত ৰাখিবলৈ এই নিৰ্দেশ প্ৰদান কৰে ৷

তদুপৰি অধিবক্তাক মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ন্যায়ালয়ে ৷ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত শুক্ৰবাৰে মাহাবুবনগৰ হস্পিতালত অভিযুক্তকেইজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷ মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ’ ফুটেজসমূহ মাহাবুবনগৰ জিলা ন্যায়ালয়ত দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ে আৰক্ষীক নিৰ্দেশ দিছে ৷

ABOUT THE AUTHOR

...view details