অসম

assam

ETV Bharat / bharat

মহামাৰীক ৰোধ কৰাৰ বাবে আমি ৰণ কৌশল সলনি কৰিব লাগিব

ব্ৰিটিছ মেডিকেল জাৰ্ণেলৰ এক ৰায় অনুসৰি, আমি কৰ‘ণা ভাইৰাছৰ সৈতে চলাই থকা উলম্ব যুঁজখনৰ বিপৰীতে এই মহামাৰীক ৰোধ কৰাৰ বাবে আমি ৰণ কৌশল সলনি কৰিব লাগিব ৷ যিহেতু অসংক্ৰমিত ৰোগ আৰু দৈন্যতাৰ ফলত এই ৰোগে দৰিদ্ৰশ্ৰেণীৰ লোকৰ মাজত দ্ৰুত গতিত প্ৰভাৱ বিস্তাৰ কৰে বুলি গৱেষণাত প্ৰকাশ পাইছে ৷

have to change the strategy of fight against epidemic
have to change the strategy of fight against epidemic

By

Published : Jun 16, 2020, 7:24 PM IST

নিউজ ডেস্ক, 16 জুন :সম্প্ৰতি কৰ‘ণা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ ব্ৰিটিছ মেডিকেল জাৰ্ণেলৰ এক ৰায় অনুসৰি,আমি কৰ‘ণা ভাইৰাছৰ সৈতে চলাই থকা উলম্ব যুঁজখনৰ বিপৰীতে এই মহামাৰীক ৰোধ কৰাৰ বাবে আমি ৰণ কৌশল সলনি কৰিব লাগিব ৷ যিহেতু অসংক্ৰমিত ৰোগ আৰু দৈন্যতাৰ ফলত এই ৰোগে দৰিদ্ৰশ্ৰেণীৰ লোকৰ মাজত দ্ৰুত গতিত প্ৰভাৱ বিস্তাৰ কৰে বুলি গৱেষণাত প্ৰকাশ পাইছে ৷

এই জাৰ্ণেলত কোভিড-19 ৰ সৈতে পোনপেটীয়াকৈ যুদ্ধ কৰাতকৈ দৃষ্টিকোণ কিছু সলনি কৰি পৰোক্ষ ভাৱে এই মহামাৰীক ৰোধ কৰিবলৈ চেষ্টা কৰা উচিত বুলি বাখ্যা আগবঢ়োৱা হৈছে ৷

উক্ত প্ৰতিবেদনত কোৱা হৈছে যে দৰিদ্ৰশ্ৰেণীৰ লোক, পুষ্টিহীনতাত ভুগি থকা লোক সকলৰ স্বাস্থ্যৰ যতন লোৱাৰ লগতে তেওঁলোকৰ মাজত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ সমূহ হাতত লোৱা উচিত বুলি কয় ৷ তদুপৰি লেখকৰ অনুসৰি, অসংক্ৰমণাত্মক ৰোগ যেনে মেদবহুলতা, উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগ থকা লোক কোভিড-19 ৰ দ্বাৰা সৰ্বাধিক হাতৰ প্ৰভাৱিত কৰা পৰিলক্ষিত হৈছে৷ তাৰোপৰি সম্প্ৰতি নিৱনুৱা সমস্যা, আৰ্থিক দৈন্যতা, খাদ্য অসুৰক্ষা আদি কাৰণত এই মহামাৰী আৰু অধিক শক্তিশালী ৰূপ ধাৰণ কৰিছে ৷

গতিকে এই শ্ৰেণীৰ লোকৰ স্বাস্থ্য সুৰক্ষা, খাদ্য সুৰক্ষা আৰু অন্যান্য দৃষ্টিকোণ সমূহৰ প্ৰতি লক্ষ্য ৰাখি পৰিকল্পনা প্ৰস্তুত কৰা উচিত বুলি গৱেষণাত প্ৰকাশ কৰে ৷

লগতে পঢ়ক :ৰঙিয়াৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত মহিলাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details