নিউজ ডেস্ক, 11 মে': শ্ৰমিক সকলক ঘৰলৈ পথিয়াবলৈ চৰকাৰে ব্যৱস্থা কৰিছে ৰে'ল আৰু বাছৰ । কিন্তু ইমানৰ পাচতো বিভিন্ন কাৰণত একাংশ শ্ৰমিক ৰাজ পথ অথবা ৰেল পথৰ ওপৰেৰেই খোজকাঢ়ি নিজৰ ঘৰলৈ বুলি আগবাঢ়িছে । এই প্ৰসংগত চিন্তিত হৈ পৰিছে কেন্দ্ৰ ।
কেন্দ্ৰীয় গৃহ সচিবে সকলো ৰাজ্যৰে মুখ্য সচিব সকললৈ একোখন পত্ৰ প্ৰেৰণ কৰে আৰু শ্ৰমিক সকলৰ বাবে চলাচল কৰা শ্ৰমিক এক্সপ্ৰেছৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ।