অসম

assam

ETV Bharat / bharat

ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা ভেংকায়া নাইডুৰ - Public Life

নতুন দিল্লীৰ শ্যাম লাল মহাবিদ্যালয়ৰ 55সংখ্যক বাৰ্ষিক বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে ৷ সভাত ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি সামাজিক জীৱনৰ বাবে কাম কৰি যোৱাৰ কথা উল্লেখ কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

ভেংকায়া নাইডু

By

Published : Apr 30, 2019, 7:45 PM IST

ভেংকায়া নাইডু

নিউজ ডেস্ক, 30 এপ্ৰিলঃৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা প্ৰকাশ কৰিছে দেশৰ উপ-ৰাষ্ট্ৰপতিয়ে ৷ দেশৰ দ্বিতীয়গৰাকী সাংবিধানিক মুৰব্বী নাইডুয়ে নতুন দিল্লীৰ এখন মহাবিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰিছে ৷

আৰু পঢ়কঃ গৱেষক ছাত্ৰ জড়িত আছিল কাশ্মীৰৰ কাৰ বোমা বিস্ফোৰণত

নতুন দিল্লীস্থিত শ্যাম লাল মহাবিদ্যালয়ৰ 55সংখ্যক বাৰ্ষিক বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে ৷ বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰি নিজৰ শৈক্ষিক জীৱনৰ লগতে ৰাজনৈতিক জীৱনৰ স্মৃতি সোঁৱৰি নষ্টালজিক হৈ পৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ 1977 চনত বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰে পৰাই সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল ভেংকায়া নাইডু ৷ পৰৱৰ্তী সময়ত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ দৰে সন্মানীয় আসনত অধিষ্ঠিত হোৱাৰে পৰা সক্ৰিয় ৰাজনীতি পৰিত্যাগ কৰাৰ লগতে কোনো ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক নাই বুলি উল্লেখ কৰে নাইডুৱে ৷ আনহাতে ৰাজনীতিৰ পৰা অৱসৰ ল'লেও সমাজ জীৱনৰ পৰা কেতিয়াও অৱসৰ নলয় আৰু তাৰ বাবে মহাবিদ্যালয়খনৰ সভাত উপস্থিত থাকিব পাৰিছো বুলি কয় নাইডুৱে ৷

ABOUT THE AUTHOR

...view details