নিউজ ডেস্ক, জানুৱাৰী 13 : হাৰিয়ানাৰ কুৰুক্ষেত্ৰত একাংশ যুৱপ্ৰজন্মই 87297 টা প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰি এটা কাছ নিৰ্মাণ কৰিছে আৰু ইয়াৰ দ্বাৰা একক ব্যৱহৃত প্লাষ্টিক ৰোধৰ বাবে এটা দেশ তথা বিশ্বলৈ এটি বাৰ্তা প্ৰেৰণ কৰিছে ৷ প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত কাছটোৰ দৈঘ্য 23 ফুট আৰু উচ্চতা 6.6 ফুট ৷ ঋতু নামৰ এগৰাকী ছাত্ৰীয়ে NIC-ৰ আন এশজন যুৱক-যুৱতীৰ সহায়ত নিৰ্মাণ কৰিছে এই কাছটো ৷ ছাত্ৰীগৰাকীয়ে ইয়াৰ লগতে জলবায়ু পৰিৱৰ্তন,পৰিবেশ আৰু মানৱ দেহত কীটনাশক দ্ৰব্যৰ প্ৰভাৱ সম্পৰ্কে প্ৰতিষ্ঠিত কৰাৰ বাবে এটি প্ৰকল্পত কাম কৰি আছে ৷ আনকি, ঋতুৰ পিতৃৰো কৰ্কট ৰোগত মৃত্যু ঘটিছিল ৷ ইয়াৰ পাচতেই ঋতুৱে কৰ্কট ৰোগৰ এই ডাঙৰ কাৰক সম্বন্ধে মানুহক সজাগ কৰিবলৈ পণ লৈছিল ৷
প্লাষ্টিক ৰোধৰ অনন্য প্ৰয়াস কুৰুক্ষেত্ৰৰ ঋতু আৰু তেওঁৰ সহযোগীৰ - পৰিবেশ আৰু মানৱ দেহত কৃটনাশক দ্ৰব্যৰ প্ৰভাৱ
কুৰুক্ষেত্ৰত প্লাষ্টিকৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে 23 ফুট দৈঘ্য আৰু 6.6 ফুট উচ্চতাৰ এটা কাছ ৷ ঋতু নামৰ এগৰাকী ছাত্ৰীয়ে NIC-ৰ আন এশজন যুৱক-যুৱতীৰ সহায়ত নিৰ্মাণ কৰিছে এই কাছটো ৷
PLastic campaign
মন কৰিবলগীয়া যে,ঋতু আৰু তেওঁৰ দলে কাছটোৰ আকৃতিটো প্ৰস্তুত কৰিছে কেৱল একক ব্যৱহৃত প্লাষ্টিকেৰে ৷ নিৰ্মাণত জড়িত দলটোৱে প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত কাছটোৰ আকাৰ বৃহত্তম বুলি ক'ব খোজে ৷ ইয়াৰ লগতে দলটোৱে বিশ্ব অভিলেখৰ বাবে আৱেদন জনাইছে ৷
লগতে চাওকঃৰৌতা আৰক্ষীৰ জালত লক্ষাধিক মূল্যৰ সুৰাসহ দুজন যুৱক