অসম

assam

ETV Bharat / bharat

প্ৰতিবাদী কৃষকৰ সমৰ্থনত টেক্টৰেৰে কইনা আনিবলৈ গ'ল এজন দৰাই - টেক্টৰ

হাৰিয়ানাৰ কৰ্নাল জিলাৰ এগৰাকী যুৱকে নিজৰ ৰাজ্যৰ কৃষকসকলক সমৰ্থন জনাই ট্ৰেক্টৰত উঠি নিজৰ বিয়াৰ থলী পায়গৈ । এই কাৰ্যৰে তেওঁ চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা কৃষকসকলক সমৰ্থন জনায় ।

টেক্টৰেৰে কইনা আনিবলৈ গ'ল হাৰিয়ানাৰ এজন দৰাই
টেক্টৰেৰে কইনা আনিবলৈ গ'ল হাৰিয়ানাৰ এজন দৰাই

By

Published : Dec 5, 2020, 1:31 PM IST

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ:যিহেতু সম্প্ৰতি দেশজুৰি কৃষকে চৰকাৰক বিৰোধ প্ৰদৰ্শন কৰিছে আৰু চৰকাৰৰ সৈতে তেওঁলোকৰ আলোচনা সমাপ্ত কৰাতো বিফল হৈছে তেনে সময়তে, হাৰিয়ানাৰ কৰ্নাল জিলাৰ এগৰাকী যুৱকে নিজৰ ৰাজ্যৰ কৃষকসকলক সমৰ্থন জনাই ট্ৰেক্টৰত উঠি নিজৰ বিয়াৰ থলী পায়গৈ ।

চহৰখনৰ চেক্টৰ 6 ৰ নিবাসী দৰা সুমিত ঢোলে তেওঁৰ সজাই থোৱা মাৰ্চিডিজ খনক ঘৰতে থৈ ট্ৰেক্টৰেৰে বিবাহথলীত গৈ উপস্থিত হয় । "মই এটা কৃষকৰ পৰিয়ালৰ সৈতে জড়িত আৰু মই সেই কৃষকসকলৰ সৈতৈ ঠিয় দিছো, যিসকলে কৃষি আইনৰ বিৰোধিতা কৰিছে । সেয়েহে মই মাৰ্চিডিজৰ সলনি ট্ৰেক্টৰখনকে বাছি লৈছো" বুলি কয় দৰাগৰাকীয়ে । ইয়াৰোপৰি তেওঁ কয়, "আমি চহৰত থাকিব পাৰো কিন্তু আমাৰ হৈছে খেতি । কৃষক আমাৰ অগ্ৰাধিকাৰ হোৱাটো জৰুৰী । মই এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যে, কৃষকসকলৰ সৈতে জনসমৰ্থন আছে ।"

লগতে পঢ়ক:আজি দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকত উপস্থিত হ'ব জীতেন্দ্ৰ সিং

ABOUT THE AUTHOR

...view details