অসম

assam

ETV Bharat / bharat

দুঘন্টাৰ বাবে ফটকা আতচবাজী ফটোৱাত অনুমতি প্ৰদান কৰিলে হাৰিয়ানা চৰকাৰে

দীপাৱলীৰ সময়ত ফটকা আতচবাজী বিক্ৰীত দুঘন্টাৰ বাবে অনুমতি প্ৰদান কৰিছে হাৰিয়ানা চৰকাৰে ৷ হাৰিয়ানাৰ চৰকাৰে শুকুৰবাৰে ৰাজ্যখনত আতচবাজী বিক্ৰী ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছিল ৷ ইয়াৰ পাছতে বিশেষ ঘোষণা মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ ৷

By

Published : Nov 9, 2020, 12:41 PM IST

haryana-govt-allows-bursting-of-crackers-for-two-hours-on-diwali
দুঘন্টাৰ বাবে ফটকা আতচবাজী ফটোৱাত অনুমতি প্ৰদান কৰিলে হাৰিয়ানা চৰকাৰে

নিউজ ডেস্ক, 9 নৱেম্বৰঃ দীপাৱলীৰ সময়ত ফটকা আতচবাজী বিক্ৰী ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা পাছতে মাত্ৰ দুঘন্টাৰ বাবে অনুমতি প্ৰদান কৰিছে হাৰিয়ানা চৰকাৰে ৷ হাৰিয়ানাৰ চৰকাৰী সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি নেচনেল গ্ৰীণ ট্ৰাইবুনেল (এনজিটি) য়ে প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি ফটকা আতচবাজী ফোটোৱাৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা ওপৰত ভিত্তি কৰি হাৰিয়ানা চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, হাৰিয়ানাৰ চৰকাৰে শুকুৰবাৰে ৰাজ্যখনত আতচবাজী বিক্ৰী ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছিল ৷ ইয়াৰ পাছতে দেওবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ফাটেহাবাদত কয়, দীপাৱলী সময়ত মাত্ৰ দুঘন্টাৰ বাবেহে আতচবাজী ফোটোৱাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হ'ব ৷ ইয়াৰ লগতে বায়ু প্ৰদূষণৰ বাবে দেশত অধিক মাত্ৰাত ক'ৰণা ভাইৰাছ সংক্ৰমিত হোৱাৰ আশংকা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

অন্যহাতে ৰাজস্থান, উৰিষ্যাকে, পশ্চিম বংগ ধৰি দেশৰ কেইবাখনো ৰাজ্যত ফটকা আতচবাজীৰ ক্ষেত্ৰত নিষেধাজ্ঞ আৰোপ কৰিছে ৷ দেশৰ ৰাজধানী দিল্লীতো 7 নৱেম্বৰ পৰা 10 নৱেম্বৰৰ সময়ছোৱাত ফটকা সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

লগতে পঢ়কঃডিমৌৰ মাজুমেলিয়াত আধাৰ কাৰ্ডত ব্যাপক দুৰ্নীতিঃ মহিলাক আটক

ABOUT THE AUTHOR

...view details