অসম

assam

ETV Bharat / bharat

হাৰিয়ানাৰ মুখ্য়মন্ত্ৰী মনোহৰ লাল খট্টৰক ক'লা পতাকা প্ৰদৰ্শন প্ৰতিবাদী কৃষকৰ - জল অধিকাৰ ৰেলী

"জল অধিকাৰ ৰেলী"ত অংশ লোৱাৰ সময়তে হাৰিয়ানাৰ মুখ্য়মন্ত্ৰীয়ে কৃষকৰ প্ৰতিবাদৰ মুখামুখি হ'ব লগা হ'ল । মুখ্য়মন্ত্ৰী মনোহৰ লাল খট্টৰক ক'লা পতাকা প্ৰদৰ্শন কৰিলে প্ৰতিবাদী কৃষকে ।

হাৰিয়ানাৰ মুখ্য়মন্ত্ৰী মনোহৰ লাল কত্তৰক ক'লা পতাকা প্ৰদৰ্শন প্ৰতিবাদী কৃষকৰ
হাৰিয়ানাৰ মুখ্য়মন্ত্ৰী মনোহৰ লাল কত্তৰক ক'লা পতাকা প্ৰদৰ্শন প্ৰতিবাদী কৃষকৰ

By

Published : Dec 20, 2020, 7:51 PM IST

নেশ্য়নেল ডেস্ক , ২০ ডিচেম্বৰ :হাৰিয়ানাৰ মুখ্য়মন্ত্ৰী মনোহৰ লাল খট্টৰক দেওবাৰে নাৰনোলত আয়েজিত "জল অধিকাৰ ৰেলী"ত অংশ লোৱাৰ সময়তে ক'লা পতাকা প্ৰদৰ্শন কৰিলে উত্তেজিত প্ৰতিবাদী কৃষকে । প্ৰতিবাদকাৰীয়ে নতুন কৃষি আইনৰ বিৰোধিতা কৰাৰ লগতে নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে ।

প্ৰতিবাদৰ সময়চোৱাৰ ভিডিঅ'ত মোডী চৰকাৰে গোটেই দেশ বিক্ৰী কৰি দিয়া বুলি এজন কৃষকে কোৱা শুনিবলৈ পোৱা গ'ল । অৱশ্য়ে ৰেলীত অংশ লোৱা বিজেপি কৰ্মীসকলে তাৎক্ষণিকভাৱে প্ৰতিবাদকাৰীসকলক খেল পথাৰৰ পৰা ওলাই যাবলৈ কয় । পৰৱৰ্তী সময়ত সংবাদকৰ্মীসকলকো তাত প্ৰৱেশত বাধা দিয়া হ'ল।

হাৰিয়ানাৰ মুখ্য়মন্ত্ৰী মনোহৰ লাল খট্টৰক ক'লা পতাকা প্ৰদৰ্শন প্ৰতিবাদী কৃষকৰ

কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত নতুন কৃষি আইনকলৈ বিতৰ্ক বাঢ়ি গৈ আছে । যোৱা ২৬ নবেম্বৰৰ পৰা কৃষকে ৰাজধানী চহৰৰ কেইবাটাও সীমাত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত ৰাখিছে আৰু এই আইন বাতিল কৰিবলৈ দাবী জনাই আহিছে ।

তাৰ মাজতে শনিবাৰে হাৰিয়ানাৰ মুখ্য়মন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে চৰকাৰ আৰু কৃষক সংগঠনৰ মাজত আলোচনাৰ বাবে কোনো উপায় থাকিব পাৰে । তেওঁৰ মতে দুুই এদিনৰ ভিতৰত আলোচনাৰ বাবে উপায় ওলাব । হাৰিয়ানা চৰকাৰৰ এক বিবৃত্তিত মুখ্য়মন্ত্ৰী গৰাকীয়ে কয় যে কৃষক সংগঠনৰ নেতাসকলে বিচাৰিলে চৰকাৰ সাজু আছে আলোচনাৰ বাবে । হাৰিয়ানাৰ বিজেপি নেতাসকলে কৈছে যে কৃষক সকলক SYL খাদৰ যথেষ্ঠ প্ৰয়োজন আছে আৰু পঞ্জাৱ চৰকাৰে এই ক্ষেত্ৰত মত দিয়াটো প্ৰয়োজন । নেতা সকলে এচৱাইএল খাদ্যৰ শীঘ্ৰে সমাধানৰ বাবে অনশনো কৰিছিল ।

লগতে পঢ়ক :মুছলমানৰ সংখ্য়ালঘুৰ মৰ্যাদা বাতিল কৰিব লাগে : সাক্ষী মহাৰাজ

ABOUT THE AUTHOR

...view details