অসম

assam

ETV Bharat / bharat

মালয়েচিয়াত বন্দী 350গৰকী পাঞ্জাৱী যুৱকক উদ্ধাৰৰ বাবে হৰ্ষিম্ৰাট বাদলৰ EAM লৈ আহ্বান - Harsimrat Badal urges EAM to help 350 Punjabi youth stranded in Malaysia

খাদ্য পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হৰ্ষিম্ৰাট ক'ৰ বাদলে মালয়েছিয়াত আবদ্ধ 350 গৰাকী যুৱকৰ ঘৰত গৈ তেওঁলোকৰ পৰিয়ালক সাক্ষাৎ কৰে ৷ তেওঁ পৰিয়ালৰ লোকক যুৱক সকলক সকলো প্ৰকাৰে সহায় কৰা হ'ব আৰু ভাৰতলৈ অনা হ'ব বুলি প্ৰকাশ কৰে ৷

মালয়েচিয়াত বন্দী 350গৰকী পাঞ্জাৱী যুৱকক উদ্ধাৰৰ বাবে হৰ্ষিম্ৰাট বাদলৰ EAM লৈ আহ্বান
মালয়েচিয়াত বন্দী 350গৰকী পাঞ্জাৱী যুৱকক উদ্ধাৰৰ বাবে হৰ্ষিম্ৰাট বাদলৰ EAM লৈ আহ্বান

By

Published : Jun 21, 2020, 6:31 AM IST

নিউজ ডেস্ক, 21 জুনঃকেন্দ্ৰীয় খাদ্য পৰিক্ৰমা মন্ত্ৰী হৰ্ষিম্ৰাট ক'ৰ বাদলে মালয়েছিয়াত আবদ্ধ 350 গৰাকী পাঞ্জাৱী যুৱকক প্ৰত্যাবৰ্তনৰ বাবে আহ্বান জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এচ জয়শংকৰক ৷ এই যুৱক সকল মালায়েছীয়াৰ কাৰাগাৰত বন্দী হৈ আছে ৷

প্ৰতিবেদন অনুসৰি, শিৰোমণি আকালি দলৰ ভাটিন্দাৰ সাংসদেও মালয়েছিয়াত কাৰাবন্দী হৈ থকা যুৱক কেইজনক উদ্ধাৰৰ বাবে EAM মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰিছে ৷

ইপিনে শনিবাৰে দিনটোত যুৱক সকলৰ পৰিয়ালক সাক্ষাৎ কৰে খাদ্য পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হৰ্ষিম্ৰাট ক'ৰ বাদলে ৷ তেওঁ যুৱক সকলক পূৰ্ণ সহযোগীতা কৰাৰ লগতে যিকোনো প্ৰকাৰে ভাৰতলৈ প্ৰত্যাৱৰ্তণ কৰাব বুলি আশ্বাস প্ৰদান কৰে ৷

উল্লেখ্য যে, বেইআইনী ভাৱে মালয়েছীয়াত বসবাস কৰা বাবে যুৱক কেইজনক দেশখনত কাৰাবন্দী কৰি থৈছে ৷

লগতে পঢ়কঃ অপৰিশোধিত তেলৰ মূল্য হ্ৰাস পালেও ভাৰতত দ্ৰুত গতিত বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ দাম

ABOUT THE AUTHOR

...view details