অসম

assam

ETV Bharat / bharat

দিল্লীৰ কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতিক লৈ কেন্দ্ৰীয় নেতৃত্বৰ পৰ্যালোচনা বৈঠক - union health minister harsh vardhan

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধন আদিকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব এই পৰ্যালোচনা বৈঠকত।

দিল্লী
Harsh Vardhan, Kejriwal arrive at MHA office to hold meeting on COVID-19 situation in Delhi

By

Published : Jun 14, 2020, 12:58 PM IST

নিউজ ডেস্ক, ১৪ জুনঃ ৰাজধানী চহৰ দিল্লীৰ কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত লেফটেনেণ্ট গৱৰ্ণৰ অনিল বাইজাল, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু দিল্লী ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াৰ সৈতে আলোচনাত মিলিত হ'ব কেন্দ্ৰীয় নেতৃবৃন্দ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধন আদিকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব এই পৰ্যালোচনা বৈঠকত । ইতিমধ্যে অনুষ্ঠিত হ'বলগীয়া এই বৈঠকৰ বাবে কেন্ত্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ কাৰ্যালয়ত উপস্থিত হৈছে হৰ্ষ বৰ্ধন আৰু অৰবিন্দ কেজৰিৱাল ।

বিগত ২৪ ঘণ্টাত দেশত সৰ্বাধিক সংখ্যক লোক কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশৰ পাছতে এই পৰ্যালোচনা বৈঠকৰ আয়োজন কৰা হয় । উল্লেখ্য যে, বিগত এদিনত ভাৰতত ১১,৯২৯ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। আনহাতে, দেশজুৰি মৃত্যু হৈছে ৩১১ গৰাকী ৰোগীৰ।

সমান্তৰালকৈ, ৰাজধানী চহৰখনতো ৩৮,৯৫৮ গৰাকীলৈ বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা । ইয়াৰে ২২,৭৪২ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে ১৪,৯৪৫ গৰাকী লোকে আৰোগ্য লাভ কৰিছে । আনহাতে, এই মহামাৰীত মৃত্যুমুখত পৰিছে ১২৭১ গৰাকী লোক।

ABOUT THE AUTHOR

...view details