অসম

assam

ন্যায় পালে নিৰ্ভয়াই

By

Published : Mar 20, 2020, 3:34 PM IST

দেশৰ ইতিহাসত সংঘটিত আটাইতকৈ জঘণ্য ধৰ্ষণ আৰু হত্যাৰ গোচৰটোৰ সফল পৰিসমাপ্তি ঘটি সুদীৰ্ঘ 7 বছৰ 3 মাহ আৰু 4 দিনৰ অন্তত ফাঁচী কাঠত ওলমিল চাৰি অপৰাধী ৷

Hanging of convicts real tribute to Nirbhaya: Investigators
ন্যায় পালে নিৰ্ভয়াই

20 মাৰ্চৰ পুৱাৰ পোহৰ দেখাৰ পূৰ্ৱেই ফাঁচী কাঠত ওলমিল নিৰ্ভয়া কাণ্ডৰ চাৰি অপৰাধী মুকেশ, পৱন, বিনয় আৰু অক্ষয় ৷ আদালতৰ সকলো ন্যায়িক ৰাস্তা ৰূদ্ধ হৈ পৰাৰ অন্তত 20 মাৰ্চৰ পুৱা 5.30 বজাত ফাঁচী কাঠত ওলমোৱা হ'ল চাৰিওটা অপৰাধীক ৷ দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ কাৰাগাৰ তিহাৰ জেলৰ ইতিহাসতো প্ৰথামবাৰৰ বাবে একেলগে ফাঁচী দিয়া হ'ল চাৰিটা অপৰাধীক ৷ নিজ কন্যাক ধৰ্ষণ কৰি অতি নৃশংসভাৱে হত্যা কৰা 4 অপৰাধীৰ ফাঁচী হৈ যোৱাৰ অন্তত নিৰ্ভয়াৰ মাতৃয়ে ক'লে "Justice delayed, but not denied..."

ন্যায় পালে নিৰ্ভয়াই

ABOUT THE AUTHOR

...view details