নেশ্যনেল ডেস্ক, 20 মাৰ্চ : নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক শুকুৰবাৰে 5.30 বজাত ফাঁচীকাঠত ওলমোৱাৰ পাচত মন্তব্য আগবঢ়াইছে দিল্লীৰ মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে ৷ মালিৱালে কয়, "এয়া সমগ্ৰ দেশৰ জয় ৷ আমি এক শক্তিশালী ব্যৱস্থা গঠন কৰাৰ প্ৰয়োজন আছে ৷"
টুইটাৰত "সত্যমেৱ জয়তে" লিখাৰ লগতে সুদীৰ্ঘ সাত বছৰৰ পাচত ন্যায়ৰ জয় হ'ল বুলি কয় মালিৱালে ৷